শোণিতপুৰ, ৩১ মে’ (হি.স.)। তেজপুৰৰ হেম বৰুৱা ভৱনত আজি ৩১ মে' তাৰিখে এ আই ডি এছ অ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা তিনি দিনীয়া ৫ম অসম ৰাজ্যিক সন্মিলনৰ প্ৰথম দিনা মুকলি সভা অনুষ্ঠিত মুকলি সভা অনুষ্ঠিত হয়। এটি জ্যোতিপ্ৰসাদ সংগীতেৰে সূচনা হোৱা সভাত উদ্বোধনী বক্তব্য ৰাখে এ আই ডি এছ অ'ৰ প্ৰথম অসম ৰাজ্যিক সম্পাদক, বিশিষ্ট জননেতা কান্তিময় দেবে।
সংগঠনৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি প্ৰজ্জ্বল দেৱৰ পৰিচালনাত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক সম্বোধন কৰি উদ্দীপনা মূলক বক্তব্য আগবঢ়ায় দুধনৈ কলেজৰ প্ৰাক্তন অধ্যাপক, বিশিষ্ট জননেত্ৰী চন্দ্ৰলেখা দাসে।
সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে সন্মিলনৰ অভ্যৰ্থনা কমিটিৰ সভানেত্ৰী মীনাক্ষী ভুঞা, দৰং কলেজৰ প্ৰাক্তন অধ্যাপক পূৰ্ণেশ্বৰ নাথ আৰু সংগঠনৰ নীতি - আদৰ্শ, লক্ষ্য-উদ্দেশ্য আৰু সংগ্ৰামৰ সাফল্য -অগ্ৰগতি সম্পৰ্কে বক্তব্য দাঙি ধৰে সংগঠনৰ অল ইণ্ডিয়া কাউন্সিলৰ আন্তৰ্জাতিক বিষয়ক সম্পাদক মণিশংকৰ পাটনায়ক আৰু এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটিৰ প্ৰাক্তন সভাপতি জীতেন্দ্ৰ নাথ চলিহাই।
মুকলি সভাৰ আৰম্ভনিত সংগঠনৰ পতাকা উত্তোলন কৰে এ আই ডি এছ অ'ৰ অল ইণ্ডিয়া কাউন্সিলৰ সভাপতি সৌৰভ ঘোষে। ইয়াৰ পিছত দেশৰ বৰেণ্য শিল্পী, সাহিত্যিক তথা মনীষী সকলৰ শিক্ষা সম্পৰ্কীয় উদ্ধৃতি প্ৰদৰ্শনী উন্মোচন কৰে দৰং কলেজৰ প্ৰাক্তন উপাধ্যক্ষ গহনচন্দ্ৰ মহন্ত আৰু সংগঠনৰ নেতৃত্বত পৰিচালিত বিভিন্ন সভা-সমিতি আৰু আন্দোলনৰ ফটো প্ৰদৰ্শনী উন্মোচন কৰে বিশিষ্ট প্ৰাক্তন শিক্ষক হৰিদাস সৰকাৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ