নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস
নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস।
নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস


গোলাঘাট, ০৩ মে (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস বিৰাজ কৰিছে। বন্যহস্তীৰ আক্ৰমণত বকিয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ গিদিবস্তি এজন লোকৰ মৃত্যু হয় ।

নিহত লোকজনৰ নাম বিনোদ মাঝি বুলি পৰিচয় পোৱা গৈছে। নিশাৰ ভাগত অঞ্চলটোত বিচৰণ কৰি আছিল হাতীৰ এটা বৃহৎ জাকে। নিজ গৃহৰ কাষতে অতৰ্কিতে বন্যহস্তীয়ে আক্ৰমণ কৰে লোকজনক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande