ভোটগাৱৰ সমন্বয় বিদ্যাপীঠত কৃতী ছাত্ৰ -ছাত্ৰীক অভিনন্দন
কোকৰাঝাৰ, ০৩ মে (হি.স.)। কোকৰাঝাৰ জিলাৰ ভোটগাও কাশিপাৰাত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমন্বয় বিদ্যাপীঠত বিদ্যালয় কতৃপক্ষই আয়োজন কৰা এক অনুষ্ঠানত বিদ্যালয় খনৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰী সকলক অভিন
ভোটগাৱৰ সমন্বয় বিদ্যাপীঠত কৃতী ছাত্ৰ -ছাত্ৰীক অভিনন্দন ।


ভোটগাৱৰ সমন্বয় বিদ্যাপীঠত কৃতী ছাত্ৰ -ছাত্ৰীক অভিনন্দন ।


কোকৰাঝাৰ, ০৩ মে (হি.স.)। কোকৰাঝাৰ জিলাৰ ভোটগাও কাশিপাৰাত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমন্বয় বিদ্যাপীঠত বিদ্যালয় কতৃপক্ষই আয়োজন কৰা এক অনুষ্ঠানত বিদ্যালয় খনৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰী সকলক অভিনন্দন জনায়।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুৰ ৰছিদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক পুলকেশ ৰায়, উপদেষ্টা ছেৰমত আলী, বিদ্যালয়ৰ অধ্যক্ষ আমিনুৰ হুছেইন ভুঞা আদিকে ধৰি বিশিষ্ট শিক্ষক -শিক্ষয়িত্ৰী সকল। উল্লেখ্য এই বেলি বিদ্যালয় খনৰ পৰা ৭২ গৰাকী শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আঠ জনে প্ৰথম বিভাগত,৬১ জনে দ্বিতীয় বিভাগত আৰু তিনি জনে তৃতীয় বিভাগত উৰ্ত্তীণ হয়। উত্তীৰ্ণৰ হাৰ ১০০% ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande