উচ্চতৰ মাধ্যমিক পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা শিৱসাগৰৰ গায়ত্ৰী ফুকনক ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন
শিৱসাগৰ, ০৩ মে (হি.স.)। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলত ৯৬.৮০ শতাংশ নম্বৰ লাভেৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিৱসাগৰ বেতবাৰীৰ গায়ত্ৰী ফুকনক আজি ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা বিপুল অভিনন্দন জ্ঞাপন কৰা হয় । আজি বিয়লি এছ বি
উচ্চতৰ মাধ্যমিক পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা শিৱসাগৰৰ গায়ত্ৰী ফুকনক ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন


শিৱসাগৰ, ০৩ মে (হি.স.)। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলত ৯৬.৮০ শতাংশ নম্বৰ লাভেৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিৱসাগৰ বেতবাৰীৰ গায়ত্ৰী ফুকনক আজি ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা বিপুল অভিনন্দন জ্ঞাপন কৰা হয় । আজি বিয়লি এছ বি আইৰ উচ্চপদস্থ বিষয়া, কৰ্মচাৰীৰ এটি দল গায়ত্ৰী ফুকনৰ বেতবাৰী দুই নং দ-গাঁৱৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন পত্ৰ , ফুলাম গামোচা, শৈক্ষিক সামগ্ৰীৰ টোপোলাসহ অভিনন্দন জ্ঞাপন কৰাৰ লগতে কিছু পৰিমাণে আৰ্থিক সাহায্য প্ৰদান কৰে।

এছ বি আই'ৰ ডেপুটি মেনেজাৰ ৰাতুল কোঁৱৰে আঁত ধৰা অনুষ্ঠানত গায়ত্ৰী ফুকনক অভিনন্দন পত্ৰ প্ৰদান কৰে বেংকটোৰ যোৰহাট ৰিজ'নেল অফিচৰ এছিচটেন্ট জেনেৰেল মেনেজাৰ অনুৰাগ অৰ্পনে । অনুৰাগ অৰ্পনে ভাষণ প্ৰদান কৰি বিদ্যাভৱন ডিমুৱালৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হোৱা গায়ত্ৰী ফুকনে দৰিদ্ৰতা নেওচি নিজৰ একাগ্ৰতা, অধ্যয়নশীলতাৰ বলত শিৱসাগৰ বাসীৰ বাবে যি গৌৰৱ কঢ়িয়ালে সেয়া বহুতৰে বাবে প্ৰেৰণাদায়ক বুলি মন্তব্য কৰে। ভাৰতীয় ষ্টেট বেংকৰ বিষয়ববীয়া সকলে ঘৰলৈ গৈ যিদৰে উৎসাহিত কৰিলে তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে গায়ত্ৰী ফুকনে । অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক নৱ মহন , হিতনাথ চেতিয়া, স্থানীয় একাংশ নাগৰিক সহ এছ বি আইৰ কেইবা গৰাকী কৰ্মচাৰী, উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande