গুৱাহাটী, ০৩ মে’ (হি.স.)। ৰেলৱে আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতিৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱেই ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটীৰ সৈতে অংশীদাৰিত্ব কৰি ৰেল দলঙত শেলুৱৈ সৃষ্টি ৰোধ কৰিব পৰাকৈ এক অভিনৱ ৰং প্ৰযুক্তি বিকশিত কৰিছে। এই অত্যাধুনিক ব্যৱস্থাই বিশেষকৈ ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ আৰ্দ্ৰ আৰু প্ৰচণ্ড বৰষুণৰ জলবায়ুত দীৰ্ঘদিনীয়া ৰক্ষণাবেক্ষণৰ সমস্যা সমাধান কৰিব।
এই দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান বিচাৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ বাস্তৱৰ পৰামৰ্শ মৰ্মে প্ৰধান মুখ্য অভিযন্তা (পিচিই)সন্দীপ শৰ্মাৰ নেতৃত্বত উত্তৰ পূব সীমান্ত ৰেলৱেৰ দলটোৱে ড০ বিমল কাটিয়াৰৰ নেতৃত্বাধীন গুৱাহাটী আইআইটি দলৰ সৈতে যোগদান কৰি একেলগে এই অঞ্চলৰ দলঙৰ পৃষ্ঠত জমা হোৱা শেলুৱৈ আৰু বায়’ফিল্ম স্তৰৰ গঠন প্ৰতিৰোধ কৰিবলৈ ডিজাইন কৰা এক বৈশিষ্টপূৰ্ণ ৰঙৰ ব্যৱস্থা কৰিছে। এই জৈৱিক বৃদ্ধিয়ে দলঙৰ দৃশ্যগত ৰূপত আপোচ কৰাই নহয়, ক্ষয়কাৰী পৰিৱেশৰ পোষকতাও কৰে, ফলত ক্ৰমান্বয়ে জটিল আন্তঃগাঁথনিৰ অখণ্ডতাৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে।
নতুনকৈ বিকশিত কৰা ৰঙটোত উন্নত ৰাসায়নিক পদাৰ্থ সন্নিবিষ্ট কৰা হৈছে, যিয়ে সক্ৰিয়ভাৱে অৱক্ষয় প্ৰতিৰোধ কৰাৰ লগতে শেলুৱৈ তথা অন্যান্য জীৱৰ বৃদ্ধিত বাধা দিয়ে। ইয়াত এটা বাহ্যিক লেমিনেচন ব্যৱস্থাৰ সৈতে এটা কাৰ্য্যক্ষম আৱৰণ আছে যিয়ে স্থায়িত্ব আৰু সুৰক্ষা বৃদ্ধি কৰে। এই উদ্ভাৱনে ৰেল দলঙৰ আয়ুস বৃদ্ধি কৰাৰ লগতে তত্বাৱধানৰ খৰচ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে, লগতে ৰে’ল পৰিচালনৰ ক্ষেত্ৰত অধিক নিৰাপদ আৰু অধিক বহনক্ষম অৰিহণা যোগাব।
এই সহযোগিতামূলক পদক্ষেপে বাস্তৱ জগতৰ প্ৰযুক্তিগত সমস্যা সমাধানৰ ক্ষেত্ৰত শৈক্ষিক-উদ্যোগ অংশীদাৰিত্বৰ শক্তিশালী প্ৰভাৱ প্ৰতিফলিত কৰে। আইআইটি গুৱাহাটীৰ সামগ্ৰী বিজ্ঞানৰ উৎকৃষ্টতাক উত্তৰ-পূব সীমান্ত ৰেলৱেৰ পৰিচালনগত বিশেষতাৰ সৈতে সংযুক্ত কৰি প্ৰকল্পটোৱে প্ৰত্যাহ্বানমূলক পৰিৱেশত আন্তঃগাঁথনি ব্যৱস্থাপনাৰ বাবে এক নতুন মাপকাঠী নিৰ্ধাৰণ কৰিব। এই পদক্ষেপে কেৱল দলঙৰ সুৰক্ষা বৃদ্ধি কৰাই নহয়, সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে আন্তঃগাঁথনি আধুনিকীকৰণৰ ক্ষেত্ৰত অনাগত দিনত যৌথ প্ৰচেষ্টাৰ বাবেও এক নিদৰ্শন দাঙি ধৰিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী