নগাও, ০৩ মে (হি.স.)। কলিয়াবৰত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত । পঞ্চায়ত ভোট যুদ্ধত নামি পৰিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মী। বিশেষকৈ অগপ-বিজেপি মিত্ৰজোঁটে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ।
কলিয়াবৰৰ আঞ্জুকপানী গাঁও পঞ্চায়ত অঞ্চলৰ দ্বাৰ শালনা জিলা পৰিষদৰ প্ৰাৰ্থী অনিল ঠাকুৰৰ হৈ গাঁৱে গাঁৱে প্ৰচাৰ চলায় মন্ত্ৰী কেশৱ মহন্তৰ লগতে দলৰ জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। দুই নেতাই প্ৰচাৰ চলাই অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ৰাইজক।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা