বিশ্বনাথ, ০৩ মে' (হি.স.): বিশ্বনাথৰ চতিয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘিলাধাৰী নদীৰ দলঙৰ সমীপত যোৱা কালি শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে দুজনকৈ যুৱক।
ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে পেলাই ৰখা মাটিৰ দমত এখন পালচাৰ বাইকে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা দুয়ো গৰাকী যুৱকক স্থানীয় ৰাইজে ১০৮ৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ