বৰপেটা, ০৩ মে' (হি.স.): বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত ৮ নং কলগাছিয়া জিলা পৰিষদৰ দাৱনদিয়া গাঁৱত শুক্ৰবাৰে নিশা বাৰ বজালৈ চলিল এ আই ইউ ডি এফৰ নিৰ্বাচনী জনসভা। সভাত জনিয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
ইফালে ন্দিয়া সমষ্টিত সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা শুনি বিধায়ক ৰফিকুলে কটাক্ষ কৰি, গৌৰৱ গগৈক বেলেগ ঠাইত কাম কৰিবলৈ আহ্বান জনায়। নামনি অসমত গৌৰৱ গগৈৰ সময় অপচয় হ'ব বুলি কটাক্ষ কৰে। লগতে নামনি অসমৰ আটাইবোৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত এ আই ইউ ডি এফে দখল কৰিব বুলি দাবী কৰে বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে।
৮ নং কলগাছিয়া জিলা পৰিষদৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী খন্দকাৰ জাকিৰ হুছেইন আৰু টাপেশ্বৰা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা পদৰ প্ৰাৰ্থী শ্বাহিনা খাতুনৰ হৈ কালি নিশা বাৰ বজালৈ প্ৰচাৰ চলায় বিধায়ক গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ