পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা ৰহাত অনুষ্ঠিত হব
নগাও,০৪ মে (হি.স.)। ৰহা সমজিলা হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে ৰহাতেই পঞ্চায়ত নিৰ্বাচনৰ ভোট গননা হ’ব৷ তাৰবাবে ৰহা মহাবিদ্যালয়ত ষ্ট্ৰং ৰূম স্থাপন কৰা হৈছে৷ শুক্ৰবাৰে এক সংবাদমেল যোগে এই কথা জানিব দিয়ে ৰহা সমজিলা আয়ুক্ত ফিলিছ ভি এল এইচ হ্ৰংছাল আৰু নিৰ্বাচন
পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা ৰহাত অনুষ্ঠিত হব


নগাও,০৪ মে (হি.স.)। ৰহা সমজিলা হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে ৰহাতেই পঞ্চায়ত নিৰ্বাচনৰ ভোট গননা হ’ব৷ তাৰবাবে ৰহা মহাবিদ্যালয়ত ষ্ট্ৰং ৰূম স্থাপন কৰা হৈছে৷ শুক্ৰবাৰে এক সংবাদমেল যোগে এই কথা জানিব দিয়ে ৰহা সমজিলা আয়ুক্ত ফিলিছ ভি এল এইচ হ্ৰংছাল আৰু নিৰ্বাচন পৰ্যবেক্ষক গৌড়ি শংকৰ দাসে৷ ৰহা বিধান সভা সমষ্টিৰ চাৰিটা জিলা পৰিষদ সমষ্টিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী ১০গৰাকী৷

ৰহা সমষ্টিৰ আঞ্চলিক পঞ্চায়ত দুখন৷ ইয়াৰে ৰহা আঞ্চলিক পঞ্চায়তত ১৭জন সদস্য আৰু পাখিমৰীয়া আঞ্চলিক পঞ্চায়তত ১০জন সদস্য৷ ৰহা সমষ্টি মুঠ ২৭গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য যদিও তিনিখন পঞ্চায়তৰ তিনিগৰাকী সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত এতিয়া মুঠ ২৪টা সদস্য পদত প্ৰতিদ্বন্দ্বিতা হ’ব আৰু মুঠ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী হৈছে ৫৪গৰাকী৷ সেইদৰে ৱাৰ্ড সদস্য পদৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী হৈছে ৫৪১গৰাকী৷ ৪৯গৰাকী ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বুলি ৰহা সমজিলা আয়ুক্তই জানিব দিয়ে৷

ৰহা সমষ্টিত এইবাৰ মুঠ ভোটাৰ ২,৩০,০৭৮গৰাকী৷ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৩১৭টা৷ ইয়াৰে চাৰিটা কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে৷ ভোটগ্ৰহণৰ বাবে মুঠ ১৩৯৪গৰাকী পোলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে৷ ৰহা মহাবিদ্যায়ৰ সমীপৰ প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ খেল পথাৰত অস্থায়ী বাছ আস্থান স্থাপন কৰা হৈছে আৰু ইয়াৰ পৰাই পোলিং আৰু প্ৰিজাইডিং বিষয়া সকলক ভোট কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব৷ নিৰ্বাচনৰ বাবে ইতিমধ্যে যাবতীয় সকলো বিষয় সম্পূৰ্ণ হৈ উঠিছে আৰু শান্তিপূৰ্ণভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে ৰহা সমজিলা প্ৰশাসনে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande