চামগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই
নগাও, ০৩ মে (হি.স.)। নিশা চামগুৰিত নিৰ্বাচনী হিংসা। তিনিটাকৈ কংগ্ৰেছৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই। চামগুৰি সমষ্টিৰ চাইদৰীয়া গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় ভাঙিলে দুৰ্বৃত্তই। গুনাবাৰী দলংপাৰত কংগ্ৰেছৰ মূখ্য কাৰ্যা
চামগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই


নগাও, ০৩ মে (হি.স.)। নিশা চামগুৰিত নিৰ্বাচনী হিংসা। তিনিটাকৈ কংগ্ৰেছৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই। চামগুৰি সমষ্টিৰ চাইদৰীয়া গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় ভাঙিলে দুৰ্বৃত্তই। গুনাবাৰী দলংপাৰত কংগ্ৰেছৰ মূখ্য কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰিলে । কংগ্ৰেছৰ কেইবাটাও নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই।

নিশা বিজেপিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাই সভা কৰি যোৱাৰ পিছতেই নিশা এই কাণ্ডকলৈ শংকিত কংগ্ৰেছ কৰ্মী সকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান যাতে সুস্থ গণতান্ত্ৰিক নিৰ্বাচনৰ ব্যৱস্থা কৰি দিয়ে। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলজুৰি। প্ৰশাসনক আহ্বান জনায় যাতে ঘটনাৰ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ। ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীক অৱগত কৰে স্থানীয় কংগ্ৰেছ কৰ্মী সকলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande