চাপৰত পুনৰ জব্দ ড্ৰাগছ, আটক এজন
চাপৰত পুনৰ জব্দ ড্ৰাগছ, আটক এজন।
চাপৰত পুনৰ জব্দ ড্ৰাগছ, আটক এজন


ধুবুৰী, ২৯ মে' (হি.স.): ধুবুৰী জিলাৰ চাপৰত যোৱা কালি বুধবাৰে নিশা পুনৰ জব্দ ড্ৰাগছ কৰাৰ লগতে এজন লোকক আটক কৰা হয়। ৰাইজে ড্ৰাগছ সহ আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজন কোকৰাঝাৰ জিলাৰ ৰাজীৱ বসুমতাৰী বুলি জানিব পৰা গৈছে।

চাপৰ চাহ বাগিচা পথত ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক। জানিব পৰা মতে ৰাছেল নামৰ এজন ছদ্ম নামধাৰি ড্ৰাগছ ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিছিল ড্ৰাগছ খিনি। পাঁচটা কৈ কন্টেনাৰত আনিছিল ড্ৰাগছ খিনি। এই ছদ্ম নামধাৰি ড্ৰাগছ ব্যৱসায়ী ৰাছেলক আজিলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটোৱে ৰহস্যৰ সৃষ্টি কৰে। আছা'ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজোনহৰে চাপৰ অঞ্চলৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া বেহা নিৰ্মূল কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande