হোজাই, ২০ মে’ (হি.স.): লামডিং ৰেলৱে জংচনত যোৱাকালি সোমবাৰে সন্ধিয়া নিষিদ্ধ ব্ৰাউন চুগাৰ সহ আটক হয় দুই মহিলা সৰৱৰাহকাৰী ৷ ১৫৯৬৮ নম্বৰৰ নামনিমুৱা লিডু-ৰঙিয়া এক্সপ্ৰেছ ৰে’লৰ পৰা দুয়োকে আটক কৰে ৰে’ল আৰক্ষীয়ে ৷ ৰে’ল আৰক্ষীয়ে অভিযান চলাই ৰেলখনৰ পৰা দুয়োগৰাকী মহিলাক আটক কৰে ৷
অভিযানত ২৪.২৭ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ সহ হোজাই জিলাৰ মোৰঝাৰৰ আফছাৰা বেগম আৰু ৰহিমা বেগমক ৰে’ল আৰক্ষীয়ে আটক কৰে ৷ দুয়োগৰাকী মহিলা সৰৱৰাহকাৰীয়ে নিষিদ্ধ ব্ৰাউন চুগাৰখিনি ৰে’লযোগে ডিমাপুৰৰ পৰা হোজাইৰ মোৰঝাৰলৈ সৰৱৰাহ কৰাৰ সন্দেহ কৰা হৈছে। ৰে’ল আৰক্ষীয়ে জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ২লাখ ৪০ হাজাৰ টকা হ'ব বুলি জানিব দিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ