বৰপেটা, ০২ মে (হি.স.)। ভূপেন বৰাৰ কংগ্ৰেছৰ গাড়ীৰ চাৰিওটা চকা পামচাৰ হৈছে । বৰপেটা জিলাৰ ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বৰনগৰ আৰু বগৰিগুৰী জিলা পৰিষদত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া নিৰ্বাচনী প্ৰচাৰ সভা ৷ নিৰ্বাচনী সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত দিলীপ শইকীয়াৰ মন্তব্য- পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু এন ডি এ ৰ পক্ষত অভুতপুৰ্ব ফলাফল হব ৷
চৰুৰ এটা চাউল টিপি চালেই গম পোৱা যায় ভাত সিঁজিছে নে সিঁজা নাই ৷ আমি চাৰিওফালে যি পৰিবেশ দেখিছো ৷ সেই পৰিবেশে আমাক উৎসাহিত কৰিছে ৷ ইপিনে ভুপেন বৰাই অহা বছৰ চৰকাৰী গাড়ীত ঘুৰিব বুলি কৰা মন্তব্যক কটাক্ষ দিলীপ শইকীয়াৰ- ভূপেন বৰাৰ কংগ্ৰেছৰ গাড়ীৰ চাৰিওটা চকা পামচাৰ হৈছে ৷ কেইবাবাৰো বটিবলৈ চেষ্টা কৰিছে ৷ বৰ্তমানলৈকে ১২ বাৰ মান চকা বাটিলে ৷ পিচে এবাৰো এই পামচাৰ ঠিক হোৱা নাই ৷ ২০– ২৫ বছৰ পিচতো এই পামচাৰ ঠিক নহব ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা