ৰাষ্ট্ৰপতি মুৰ্মুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীক স্মৰণ
নতুন দিল্লী, ১৯ মে’ (হি.স.)। সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতিকৃতিৰ প্ৰতি পুষ্পবিন্যাসেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুুৱে। ৰাষ্ট্ৰপতি ভৱনে এক বিবৃতিত এই তথ্য প্ৰদান কৰে। ন
राष्ट्रपति द्रौपदी मुर्मु सोमवार को पूर्व राष्ट्रपति नीलम संजीव रेड्डी के चित्र पर पुष्पांजलि अर्पित करते हुए


নতুন দিল্লী, ১৯ মে’ (হি.স.)। সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতিকৃতিৰ প্ৰতি পুষ্পবিন্যাসেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুুৱে। ৰাষ্ট্ৰপতি ভৱনে এক বিবৃতিত এই তথ্য প্ৰদান কৰে।

নীলম সঞ্জীৱ ৰেড্ডী আছিল ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি। ১৯৭৭ চনৰ ২৫ জুলাইৰ পৰা ১৯৮২ চনৰ ২৫ জুলাইলৈ এই পদত অধিষ্ঠিত আছিল। ১৯১৩ চনৰ ১৯ ​​মে'ত অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাত তেখেতৰ জন্ম হৈছিল। ১৯৯৬ চনৰ ০১ জুনত তেওঁৰ মৃত্যু হয়। মহাত্মা গান্ধীৰ আহ্বানত স্বাধীনতা সংগ্ৰামত যোগদান কৰি ৰেড্ডীয়ে ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰে। তেওঁ আছিল এজন দক্ষ প্ৰশাসক আৰু অভিজ্ঞ ৰাজনীতিবিদ। তেওঁ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰাষ্ট্ৰপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande