নতুন দিল্লী, ০১ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি)ৰ সভাপতি মাছাটো কাণ্ডাক সাক্ষাৎ কৰে। এই সময়ত মোদীয়ে কয় যে যোৱা দশকত ভাৰতৰ দ্ৰুত পৰিৱৰ্তনে অগণন লোকক সবল কৰি তুলিছে। এই যাত্ৰাত অধিক গতি যোগ কৰাৰ বাবে আমি কাম কৰি আছো।
নিজৰ মতামত ভাগ কৰি প্ৰধানমন্ত্ৰীয়ে এক্স প্লেটফৰ্মত লিখিছে, মাছাটো কাণ্ডাৰ সৈতে মোৰ সাক্ষাৎ বহুত ভাল আছিল। বহু বিষয়ত আমি আমাৰ মতামত ভাগ কৰিলোঁ। ভাৰতৰ দ্ৰুত পৰিৱৰ্তনে অগণন লোকক সবল কৰি তুলিছে। আমি এই যাত্ৰাত অধিক সহযোগিতাৰ বাবে আগ্ৰহী।
একে সময়তে মাছাটো কাণ্ডাইও এক্সৰ ওপৰত বক্তব্য ৰাখি কয় যে উন্নত ভাৰত ২০৪৭ৰ দৃষ্টিভংগী সাহসী। এই উচ্চাকাংক্ষাক সমৰ্থন কৰিছে এডিবিয়ে। আমি অহা পাঁচ বছৰত তৃতীয় পক্ষৰ সৈতে নগৰ আন্তঃগাঁথনি উন্নয়নত ১০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিম। ইয়াৰ ভিতৰত মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণ, নতুন আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা কৰিডৰ নিৰ্মাণ আৰু চহৰ সেৱাৰ আধুনিকীকৰণ আদি অন্তৰ্ভুক্ত।
তেওঁ জনোৱা মতে, ১৯৬৬ চনৰ পৰা এডিবিৰ প্ৰতিষ্ঠাপক সদস্য ভাৰতবৰ্ষ সৰ্ববৃহৎ আৰু স্থায়ী অংশীদাৰ। কাণ্ডাই কয় যে আমি ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিত্তীয় সাহায্য বৃদ্ধি, জ্ঞান সহযোগিতা গভীৰ আৰু মূলধন সংগ্ৰহৰ বাবে সাজু। আমাৰ লক্ষ্য ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাত সহায় কৰা আৰু ইয়াৰ ১৪ বিলিয়ন জনসাধাৰণৰ বাবে সৰ্বাংগীন, স্থিতিস্থাপক আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া