সন্ত্ৰাসবাদী সম্পৰ্ক থকাৰ অভিযোগত জম্মু-কাশ্মীৰ চৰকাৰৰ তিনিগৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত
শ্ৰীনগৰ, ০৩ জুন (হি.স.)। জম্মু-কাশ্মীৰ চৰকাৰে মঙলবাৰে সন্ত্ৰাসবাদী সংগঠনৰ বাবে কাম কৰা ৩ জন চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। চাকৰিৰ পৰা বৰ্খাস্ত কৰা চৰকাৰী কৰ্মচাৰীসকলে সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰ
জম্মু-কাশ্মীৰ চৰকাৰ


শ্ৰীনগৰ, ০৩ জুন (হি.স.)। জম্মু-কাশ্মীৰ চৰকাৰে মঙলবাৰে সন্ত্ৰাসবাদী সংগঠনৰ বাবে কাম কৰা ৩ জন চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। চাকৰিৰ পৰা বৰ্খাস্ত কৰা চৰকাৰী কৰ্মচাৰীসকলে সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাত সহায় কৰিছিল। সেয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়।

কাৰাগাৰলৈ নিক্ষেপ কৰা চাকৰিৰ পৰা বৰ্খাস্ত হোৱা তিনি কৰ্মচাৰীৰ ভিতৰত আছে আৰক্ষী কনিষ্টবল মালিক ইছফাক নাছিৰ, শিক্ষা বিভাগৰ শিক্ষক এজাজ আহমেদ আৰু শ্ৰীনগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ সহায়ক ৱাছিম ​​আহমেদ খান। ২০০৭ চনত জম্মু-কাশ্মীৰ আৰক্ষীত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰা মালিক ইছফাক নাছিৰ ভাতৃ মালিক আছিফ নাছিৰ আছিল লস্কৰৰ পাকিস্তান প্ৰশিক্ষিত সন্ত্ৰাসবাদী। ২০১৮ চনত এনকাউণ্টাৰৰ সময়ত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল যদিও মালিকে নিৰ্ভয়ে নিজৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছিল আৰু আৰক্ষী কনিষ্টবল হোৱাৰ বাবে কোনো ধৰণৰ সন্দেহৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছিল।

আৰক্ষীৰ মতে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহত লস্কৰৰ সৈতে মালিকৰ সম্পৰ্ক পোহৰলৈ আহে, যেতিয়া জম্মু-কাশ্মীৰ আৰক্ষীয়ে জম্মু অঞ্চলত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সৰবৰাহৰ সৈতে জড়িত এক গোচৰৰ তদন্ত কৰি আছিল। আৰক্ষী কনিষ্টবল হোৱাৰ পিছতো তেওঁ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাক অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু নিচাযুক্ত দ্ৰব্য নিক্ষেপ কৰাত সহায় কৰি আছিল। এই চালানসমূহ জিপিএছ প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত হৈছিল। আৰক্ষীৰ মতে মালিকে কেৱল নিৰাপদ স্থান চিনাক্ত কৰাই নহয়, পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ বছসকলৰ সৈতেও তথ্য ভাগ-বতৰা কৰি আছিল। তেওঁ জম্মু-কাশ্মীৰ অঞ্চলৰ সন্ত্ৰাসবাদীক অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰি বিতৰণ কৰি আছিল, যাৰ ফলত তেওঁলোকে নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, বিদ্যালয় শিক্ষা বিভাগৰ শিক্ষক এজাজ আহমেদে হিজবুল মুজাহিদীনৰ হৈ কাম কৰি আছিল। ২০১১ চনত শিক্ষক হিচাপে নিযুক্তি লাভ কৰা তেখেত পুঞ্চ অঞ্চলৰ হিজবুল মুজাহিদীনৰ বিশ্বাসযোগ্য সন্ত্ৰাসবাদী সহযোগী হৈ পৰিছিল। তেওঁ সন্ত্ৰাসবাদী সংগঠনটোক অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে সহায় কৰিছিল। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁৰ সন্ত্ৰাসবাদী সম্পৰ্ক পোহৰলৈ আহে, যেতিয়া আৰক্ষীয়ে ৰুটিন পৰীক্ষাৰ সময়ত আইজাজ আৰু তেওঁৰ বন্ধুক গ্ৰেপ্তাৰ কৰে। তেওঁ কয় যে দুয়োজনে এজাজৰ টয়োটা ফৰ্চুনাৰ গাড়ীখনত অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু এইচ এম পোষ্টাৰ লৈ আহিছিল।

অধিক তদন্তত প্ৰকাশ পাইছে যে পাকিস্তান দখল কৰা জম্মু-কাশ্মীৰত কৰ্মৰত হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদী তেওঁৰ হেণ্ডলাৰ আবিদ ৰমজান শ্বেখৰ নিৰ্দেশনাত এই চালান লাভ কৰা হৈছে। নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ চলাবলৈ কাশ্মীৰত সক্ৰিয় সন্ত্ৰাসবাদীক এই চালান যোগান ধৰাৰ কথা আছিল। তেওঁ কয় যে তদন্তত আৰু জানিব পৰা গৈছে যে এজাজে বিগত কেইবাবছৰ ধৰি অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বৃহৎ চালান ক্ৰয় কৰি কাশ্মীৰ উপত্যকাৰ সন্ত্ৰাসবাদীক যোগান ধৰি আহিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande