নতুন দিল্লী, ০৪ জুন (হি.স.)। অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ফেডাৰেল নিৰ্বাচনত অষ্ট্ৰেলিয়ান লেবাৰ পাৰ্টিৰ ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে উপ-প্ৰধানমন্ত্ৰী মাৰ্লেছক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ৰ মতে, ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই মত বিনিময় কৰে। তেওঁলোকে প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখল, জটিল খনিজ পদাৰ্থ, নতুন আৰু উদীয়মান প্ৰযুক্তিৰ দৰে মূল ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰি কয়, অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছক লগ পাই আনন্দিত হৈছো। আজি পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰা ভাৰত-অষ্ট্ৰেলিয়া বিস্তৃত কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত অৰ্থপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। সুস্থিৰ, নিৰাপদ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে আমাৰ ভাগ-বতৰা দৃষ্টিভংগীয়ে আমাৰ সহযোগিতাৰ পথ প্ৰদৰ্শন কৰি যাব।
উপ-প্ৰধানমন্ত্ৰী মাৰ্লেছে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজত অষ্ট্ৰেলিয়াৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে।
চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী আলবানিজক আমন্ত্ৰণ জনাইছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া