-ষ্টেডিয়ামত সহস্ৰাধিক অনুৰাগীৰ সন্মুখত আই পি এল বিজয়ী দলৰ সদস্যক সম্বৰ্ধনা জ্ঞাপন
বেংগালুৰু, ০৪ জুন (হি.স.)। বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিজয় পেৰেডৰ সময়ত হোৱা থেলা হেঁচাৰ ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এই দুৰ্ঘটনাত ৫০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলৰ ভিতৰত ২৭ জনৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাৰ পিছতে ষ্টেডিয়ামত অনুৰাগীৰ উপস্থিতিত আই পি এল বিজয়ী দলটোক সম্বৰ্ধনা জনোৱা হয়।
বুধবাৰে আৰ চি বিৰ বিজয় পেৰেডত অংশগ্ৰহণ কৰিবলৈ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত বহু সংখ্যক অনুৰাগী উপস্থিত থাকে। আৰক্ষীয়ে তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ লাঠী-চালনা কৰে, তাৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ষ্টেডিয়ামৰ মূল গেটৰ সমীপত হোৱা হুলস্থুলত মানুহৰ মৃত্যু হোৱাৰ লগতে বহু সংখ্যক লোক আহত হয়। চৰকাৰী তথ্য অনুসৰি ব’ৰিং হাস্পতালত ৭ জন আৰু বৈদেহী হাস্পতালত ৪ জনৰ মৃত্যু হৈছে। ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।
প্ৰত্যক্ষদৰ্শীৰ মতে বেংগালুৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠী-চালনাৰ আশ্ৰয় লয়, তাৰ পিছত অনুৰাগীৰ মাজত অধিক বিশৃংখলতাৰ সৃষ্টি হয়। এজন আৰক্ষী বিষয়াই কয় যে ভিৰৰ সংখ্যা আশা কৰাতকৈ বহু বেছি হোৱাৰ বাবে ষ্টেডিয়ামৰ চাৰিওফালে যান-জঁটে পৰিস্থিতি অধিক কঠিন কৰি তুলিছে। লগে লগে আৰক্ষীয়ে আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰি মৃতক চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
ইফালে, দুৰ্ঘটনাটোত আহতসকলক সাক্ষাৎ কৰিবলৈ চিকিৎসালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই তেওঁলোকৰ অৱস্থাৰ সন্দৰ্ভত সোধা-পোছা কৰে। চিকিৎসালয়খনৰ চিকিৎসকসকলক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয় যে বৃহৎ সংখ্যক লোক আহি পোৱা জনসমাগম অনিয়ন্ত্ৰিত হোৱাৰ বাবে আৰক্ষীয়ে ইয়াক চম্ভালিবলৈ অসুবিধাৰ সন্মুখীন হৈছে। বিমানবন্দৰৰ পৰা ষ্টেডিয়ামলৈকে অনিয়ন্ত্ৰিত হৈ পৰিল ভিৰ। ষ্টেডিয়ামৰ বাহিৰত বিৰাট বিশৃংখলতা আৰু হুলস্থুলৰ অন্তত ষ্টেডিয়ামৰ ভিতৰত উপস্থিত থকা বৃহৎ সংখ্যক অনুৰাগীৰ সন্মুখত আই পি এল ২০২৫ বিজয়ী দল আৰ চি বিৰ সদস্যসকলক সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ পূৰ্বে বিধানসভাৰ সমীপত আয়োজিত এক অনুষ্ঠানত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) দলটোক ভৱ্য আদৰণি জনায় মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই।
কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে বিৰাট কোহলীকে ধৰি আৰ চি বিৰ দলটো আহমেদাবাদৰ পৰা বেংগালুৰুত উপস্থিত হোৱাৰ সময়ত বিমানবন্দৰত আদৰণি জনায়। বিৰাট বিমানৰ পৰা নামি অহাৰ লগে লগে ডি কে শিৱকুমাৰে তেওঁক সাৱটি ধৰি ফুলৰ থোপা দি সম্ভাষণ জনালে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া