ঝাবুৱা দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, ঘোষণা কৰিলে এককালিন সাহাৰ্য
নতুন দিল্লী, ০৪ জুন (হি.স.)। মধ্যপ্ৰদেশৰ ঝাবুৱাত বুধবাৰে সংঘটিত হোৱা দুৰ্ঘটনাত লোকৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকা আৰু
মোডী


নতুন দিল্লী, ০৪ জুন (হি.স.)। মধ্যপ্ৰদেশৰ ঝাবুৱাত বুধবাৰে সংঘটিত হোৱা দুৰ্ঘটনাত লোকৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালিন সাহাৰ্য ঘোষণা কৰিছে। দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰি কয়, মধ্যপ্ৰদেশৰ ঝাবুৱাত সংঘটিত হোৱা দুৰ্ঘটনাত লোকৰ মৃত্যুত গভীৰভাৱে দুখী। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।

প্ৰধানমন্ত্ৰীয়ে পোষ্টটোত আৰু কয় যে, পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকাৰ এককালিন সাহাৰ্য দিয়া হ'ব। আহতসকলক ৫০ হাজাৰ টকা দিয়া হ'ব।

উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ ঝাবুৱা জিলাৰ মেঘনগৰ আৰক্ষী থানা এলেকাৰ অন্তৰ্গত সাজেলী ফাটক আৰু থাণ্ডলা ৰোড ৰে’ল ষ্টেচনৰ মাজত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত ৯ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ৩জন লোক আহত হয়। দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত লোকসকলে বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি থকা অৱস্থাত এখন দ্ৰুতবেগী ট্ৰলীয়ে ইকো বাহনখনত খুন্দা মাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande