গুৱাহাটী, ০৩ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি অসমৰ বানপানীৰ বিষয়ে চৰ্চা কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি ছ’চিয়েল মিডিয়া এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে কিছুসময় পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক ফোন কৰি অসমৰ বানপানীৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰিছিল।
মুখ্যমন্ত্রীয়ে কৈছে, তেওঁ কেনেকৈ অবিৰত বৰষুণে অসম আৰু কাষৰীয়া ৰাজ্যসমূহত বানপানীৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত বহু লোকৰ জীৱনত প্রভাৱ পৰিছে সেই বিষয় প্ৰধানমন্ত্ৰীক অৱগত কৰে ৷ ৰাজ্য চৰকাৰে চলাই থকা সাহায্য অভিযানৰ কথাও তেওঁক কয় ৷
তেওঁ কৈছে যে প্ৰধানমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰি আমাৰ সাহায্য আৰু পুনৰ্বাসন প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।
মুখ্যমন্ত্রী শৰ্মাই অসমৰ ৰাইজক তেওঁৰ পথ প্ৰদৰ্শন আৰু অদম্য সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।
জানিব পৰা মতে, বৰাক উপত্যকাৰ কাছাৰ জিলাৰ বানপানীৰ বুজ ল’বলৈ আজি পুৱা মুখ্যমন্ত্রী উপস্থিত হৈছে ৷ আনহাতে, মুখ্যমন্ত্রী শৰ্মাই সোমবাৰে উজনি অসমৰ লখিমপুৰ জিলাৰ বানপীড়িত অঞ্চল পৰিদর্শন কৰি ক্ষতিগ্রস্ত ৰাইজক চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছিল ৷
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ