নতুন দিল্লী, ০৩ জুন (হি.স.)। ভাৰতত ক’ৰোনাৰ গতি দ্ৰুতগতিত বৃদ্ধি পাইছে। মঙলবাৰৰ ভিতৰত দেশত কৰ’না আক্ৰান্তৰ সংখ্যাই ৪ হাজাৰ অতিক্ৰম কৰিলে। যোৱা ২৪ ঘন্টাত ৫ জন লোকৰ মৃত্যু হৈছে। কেৰালাত এজন, মহাৰাষ্ট্ৰত দুজন, তামিলনাডুত এজন আৰু পশ্চিম বংগত এজন লোকৰ ক’ৰোনাত মৃত্যু হোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিশ্চিত কৰিছে।
মঙলবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ৪০২৬ জন। তেওঁলোকৰ সংখ্যা ১৪১৬ জন।মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ৪৯৪ জন, গুজৰাটত ৩৯৭ জন আৰু দিল্লীত ৩৯৩ জন। কিন্তু যোৱা ২৪ ঘণ্টাত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আক্ৰান্ত লোকৰ সংখ্যা ৯০ জন হ্ৰাস পাইছে। গুজৰাটত এই ঢৌ বাঢ়িছে। ৰাজ্য়খনত ৫৯ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া