গুৱাহাটী, ০১ জুন (হি.স.)। অপাৰেচন ‘ঘোষ্ট চিম’ৰ অধীনত বৃহৎ সফলতা লাভ কৰি বিশেষ টাস্ক ফ’ৰ্চ অসমে এছটিএফ থানা গোচৰ নং ০২/২০২৫ৰ আন এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে নিশা এছটিএফ অসম আৰু ধুবুৰী জিলা আৰক্ষীৰ যৌথ দলে ব্যৱস্থা গ্ৰহণ কৰি মোস্তাফা ৰহমান (২৯)ক গ্ৰেপ্তাৰ কৰে। গজৰাজ সামৰিক চোৰাংচোৱাই প্ৰদান কৰা ইনপুটৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
অভিযানৰ সময়ত জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা লেপটপ, দুটা মোবাইল ফোন, তিনিটা মাইক্ৰ’ এটিএম মেচিন, এটা বায়’মেট্ৰিক যন্ত্ৰ, ৬টা এটিএম কাৰ্ড, ১১খন ভোটাৰ আইডি কাৰ্ড, এখন আধাৰ কাৰ্ড আৰু এখন পেন কাৰ্ড। এই গ্ৰেপ্তাৰৰ লগে লগে ‘অপাৰেচন গোষ্ট চিম’ত এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা মুঠ অভিযুক্তৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে। গোচৰ সন্দৰ্ভত অভিযুক্তৰ জেৰা চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া