কলকাতা, ০ ৩ জুন (হি.স.)। হিন্দু ধৰ্ম আৰু দেৱতাৰ বিৰুদ্ধে আপত্তিজনক আৰু অপমানজনক মন্তব্য কৰাৰ অভিযোগত অসম চৰকাৰে কলকাতা বাসিন্দা ৱাজাহাট খান কাদ্ৰী ৰছিদীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছে। অসমকে ধৰি দেশৰ ধৰ্মীয় আৰু সাংস্কৃতিক বিশ্বাসত কামাখ্যা দেৱীৰ অতি গুৰুত্বপূৰ্ণ স্থান আছে।
বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অভিযুক্তই কৰা মন্তব্য কেৱল ধৰ্মীয় আৱেগক আঘাত দিয়াই নহয়, সমাজত সাম্প্ৰদায়িক উত্তেজনাও বৃদ্ধি কৰিব পাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি গোচৰ ৰুজু কৰিছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমি পশ্চিম বংগ চৰকাৰক আনুষ্ঠানিক অনুৰোধ জনাইছো যে অভিযুক্ত ৱাজাহাট খান কাদ্ৰী ৰছিদীক অসম আৰক্ষীক গতাই দিব লাগে যাতে তেওঁ ইয়াত ন্যায়িক প্ৰক্ৰিয়াৰ সন্মুখীন হ'ব পাৰে। এই সন্দৰ্ভত পশ্চিম বংগ চৰকাৰে কেনেধৰণৰ সহযোগিতা আগবঢ়ায় সেয়া লক্ষণীয় হ'ব।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত ৰাজহুৱা পোষ্টত কয় যে দেৱী কামাখ্যাৰ বিৰুদ্ধে কৰা অগ্ৰাহ্যযোগ্য আৰু আপত্তিজনক মন্তব্যৰ সৈতে জড়িত গোচৰ ৰুজু কৰা হৈছে আৰু আমি অভিযুক্তক অসমলৈ অনাৰ বাবে পশ্চিম বংগ চৰকাৰৰ পৰা সহযোগিতা লাভ কৰাৰ দিশত কাম কৰি আছো।
এই বিষয়টো পোহৰলৈ আহে যেতিয়া অভিযুক্ত ৱাজাহাট ৰছিদীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত ইটোৰ পিছত সিটোকৈ কেইবাটাও পোষ্টত দেৱতাসকলক লৈ আপত্তিজনক মন্তব্য কৰা বুলি পোহৰলৈ আহে। এই পোষ্টসমূহ ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল, যাৰ ফলত সাধাৰণ জনতাৰ মাজত ক্ষোভৰ জোৱাৰ উঠিছিল।
মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে আইনৰ ছাত্ৰী তথা ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী শৰ্মিষ্ঠা পানোলীৰ বিৰুদ্ধেও ৱাজাহাট ৰছিদীয়ে এজাহাৰ দাখিল কৰিছিল। পানোলিয়ে ইছলামৰ বিৰুদ্ধে কথিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে। এই গোচৰত কলকাতা আৰক্ষীয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি পানোলীক গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁ ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত আছে।
এতিয়া সেই একেজন ৱাজাহাট ৰছিদী স্বয়ং আইনৰ বেহুত সোমাই পৰিছে। ৰছিদীৰ বিৰুদ্ধে কোনো বিশেষ ধৰ্মৰ দেৱতাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতিত বিৰূপ প্ৰভাৱ পৰিছে।
অসম আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে পশ্চিম বংগ চৰকাৰে অতি সোনকালে অভিযুক্তক জিম্মাত অৰ্পণ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া