উত্তৰ ছিকিমত আৱদ্ধ হৈ থকা ৩৪ জন লোকক হেলিকপ্টাৰেৰে পাকিঙলৈ বিমানযোগে প্ৰেৰণ
গেংটক, ০৩ জুন (হি.স.)। উত্তৰ ছিকিমত আৱদ্ধ হৈ থকা ৩৪জন লোকৰ প্ৰথমটো গোট মঙলবাৰে নিৰাপদে পাকয়ং গ্ৰীণফিল্ড বিমানবন্দৰত উপস্থিত হয়। মঙলবাৰে পুৱা উত্তৰ ছিকিমৰ ছাটেনৰ পৰা ৩৪জন কঢ়িয়াই অনা এম আই-১৭ ভি ৫ হেলিকপ্টাৰ দুখন উৰা মাৰি পাকয়ং বিমানবন্দৰত অৱতৰণ ক
उत्तर सिक्किममा फसेका पर्यटकहरूको हेलीकप्टरद्वारा उद्धार


গেংটক, ০৩ জুন (হি.স.)। উত্তৰ ছিকিমত আৱদ্ধ হৈ থকা ৩৪জন লোকৰ প্ৰথমটো গোট মঙলবাৰে নিৰাপদে পাকয়ং গ্ৰীণফিল্ড বিমানবন্দৰত উপস্থিত হয়। মঙলবাৰে পুৱা উত্তৰ ছিকিমৰ ছাটেনৰ পৰা ৩৪জন কঢ়িয়াই অনা এম আই-১৭ ভি ৫ হেলিকপ্টাৰ দুখন উৰা মাৰি পাকয়ং বিমানবন্দৰত অৱতৰণ কৰে।

উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত আহত সামৰিক জোৱানো আছে, যিসকল বৰ্তমান চিকিৎসাধীন হৈ আছে। আন কিছুমানৰ ভিতৰত আছে আহত জোৱান আৰু অঞ্চলটোত আবদ্ধ হৈ থকা পৰ্যটকৰ পৰিয়াল।

উল্লেখযোগ্য যে যোৱা দেওবাৰে ছতেনৰ এটা সামৰিক শিবিৰত হোৱা ভূমিস্খলনৰ ফলত তিনিজন জোৱান নিহত হোৱাৰ লগতে চাৰিজন জোৱান আহত হৈছিল। ঘটনাস্থলীত এতিয়াও সন্ধানহীন হৈ আছে ৬ জন লোক। উত্তৰ ছিকিমত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত পথ সংযোগ বিঘিনি ঘটিছে।

উত্তৰ ছিকিমত আবদ্ধ হৈ থকা পৰ্যটকৰ বাবে আৰম্ভ হৈছে হেলিকপ্টাৰ উদ্ধাৰ অভিযান। কিন্তু প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande