কলকাতা, ০১ জুন (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত আয়োজিত এক সভাত ভাষণ দি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ কয় যে যিয়ে ভাৰতৰ শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিব তেওঁ উপযুক্ত উত্তৰ পাব।
অমিত শ্বাহে কয় যে ভাৰতীয় সেনাই পাকিস্তানৰ ভিতৰত ১০০ কিলোমিটাৰ গৈ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰি ১০০ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছিল যদিও এই সফলতাই মমতা দিদীক পেটৰ বিষত পেলাইছিল। এই অভিযানৰ সফলতাৰ পিছত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বংগলৈ আহিছিল, তেতিয়া মমতা বেনাৰ্জীয়ে ইয়াৰ ৰাজনৈতিক বিৰোধিতা কৰিছিল আৰু ‘অপাৰেচন সিন্দুৰ’ সম্পৰ্কে আপত্তিজনক বক্তব্য দিছিল বুলি গৃহমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে। প্ৰধানমন্ত্ৰীক সমৰ্থন কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে মাতৃ-ভগ্নীৰ অনুভূতিৰে হেতালি খেলিলে।
উল্লেখযোগ্য যে যোৱা সপ্তাহত মমতা বেনাৰ্জীয়ে ‘অপাৰেচন সিন্দুৰ’ নামটোক ‘ৰাজনৈতিক’ বুলি অভিহিত কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে আলিপুৰদুৱাৰত এখন ৰাজহুৱা সভাত দুৰ্নীতি, মহিলাৰ সুৰক্ষা, হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ আদি বিষয়ত ৰাজ্য চৰকাৰ আৰু তৃণমূল কংগ্ৰেছক আক্ৰমণ কৰা দিনটোতে তেওঁৰ এই বক্তব্য প্ৰকাশ কৰে।
গৃহমন্ত্ৰীয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপন কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীক মাটি আবণ্টন দিয়া নাই। তেওঁ দাবী কৰে যে তেওঁ অবৈধ অনুপ্ৰৱেশ অব্যাহত ৰাখিব বিচাৰে যাতে তেওঁৰ চৰকাৰ ক্ষমতাত থাকে আৰু পিছলৈ তেওঁৰ ভতিজা মুখ্যমন্ত্ৰী হয়।
অমিত শ্বাহে প্ৰতিশ্ৰুতি দিয়ে যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি ক্ষমতালৈ আহিলে দলীয় কৰ্মীৰ হত্যাকাণ্ডৰ লগত জড়িতসকলক বিচাৰি উলিয়াব আৰু শাস্তি প্ৰদান কৰা হ’ব। ৰাজ্যৰ প্ৰশাসনৰ প্ৰতিটো স্তৰতে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে তৃণমূল কংগ্ৰেছৰ নেতাসকলে ইয়াৰ দ্বাৰা লাভৱান হোৱাৰ বিপৰীতে সাধাৰণ জনতাই ক্ষতিগ্ৰস্ত হয়।
মুৰ্ছিদাবাদৰ সংঘৰ্ষৰ কথা উল্লেখ কৰি তেওঁ কয় যে যদি আগতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হ’লহেঁতেন তেন্তে হিন্দুৰ জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন। শ্বাহে লগতে অভিযোগ কৰে যে এই সংঘৰ্ষসমূহত তৃণমূলৰ নিৰ্বাচিত প্ৰতিনিধিৰ জড়িততা এতিয়া প্ৰমাণিত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া