অসমৰ বান সংকটৰ মাজতে অমিত শ্বাহৰ সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস
গুৱাহাটী, ০১ জুন (হি.স.)। অসমত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনক কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে কয়
मिजोरम में शनिवार को असम राइफल्स के स्थानांतरण समारोह को संबोधित करते हुए केंद्रीय गृह मंत्री अमित शाह।


গুৱাহাটী, ০১ জুন (হি.স.)। অসমত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনক কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে কয় যে গৃহমন্ত্রীয়ে তেওঁক ফোন কৰি পৰিস্থিতি সন্দর্ভত সোধা-পোছা কৰাৰ লগতে প্রয়োজনীয় সকলো সহায় আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে ৷

মুখ্যমন্ত্ৰী শৰ্মাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে, কিছু সময়ৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে মোক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত সোধা-পোছা কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছিল। এতিয়ালৈকে কৰা প্ৰস্তুতিৰ বিষয়ে মই তেওঁক অৱগত কৰিলোঁ। তেওঁৰ স্পৰ্শকাতৰ মনোভাৱ আৰু সহযোগিতাৰ বাবে আমি কৃতজ্ঞ।

ৰাজ্যৰ ১২খন জিলাত বানপানী আৰু ভূমিস্খলনৰ ফলত পৰিস্থিতি অতি শোচনীয়। এই পৰ্যন্ত ৫৮ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। ইফালে আজি ১ জুনত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীয়ে বিপদৰ চিন অতিক্ৰম কৰি পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়ালৈকে এই দুৰ্যোগত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭৫ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে ৩ জন বানত আৰু ৫ জনৰ ভূমিস্খলনত মৃত্যু হয়। গোলাঘাট, লখিমপুৰ আৰু কামৰূপ (মেট্ৰ’) জিলাত এই মৃত্যু হৈছে। গোলাঘাট আৰু গুৱাহাটীতো শিশুসকলে প্ৰাণ হেৰুৱাইছে।

সাত হাজাৰৰো অধিক লোক সাহায্য শিবিৰত বসবাস কৰি আছে। ধেমাজি, দক্ষিণ ছালমাৰা, লখিমপুৰ, ডিব্ৰুগড়, গোলাঘাট আৰু কাৰ্বি আংলঙৰ ১৭৫ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে ১৬টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে, য’ত ৭০০০ৰো অধিক লোকে আশ্ৰয় লৈছে।

শস্য আৰু পশুধনৰ বিস্তৰ ক্ষতি হৈছে। প্ৰায় ৭৯১ হেক্টৰ কৃষিভূমি ডুব গৈছে। প্ৰায় ৭৬ হাজাৰ জীৱ-জন্তু আক্ৰান্ত হোৱাৰ লগতে ১৯৪টা জীৱ-জন্তু উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে। পথ আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষতিও বৃহৎ পৰিসৰত সংঘটিত হৈছে।

২২টা পথ, এখন দলং, কেইবাটাও মথাউৰি আৰু জলসিঞ্চনৰ খাল ক্ষতিগ্ৰস্ত হৈছে। বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰৰ ভৱনতো ক্ষতিগ্ৰস্ত হৈছে। গুৱাহাটীৰ লগতে অন্যান্য জিলাৰ নগৰীয়া বানপানীৰ ফলত প্ৰায় ১০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। এছডিআৰএফ, এনডিআৰএফ, অগ্নিনিৰ্বাপক সেৱা আৰু স্থানীয় প্ৰশাসনৰ দলসমূহে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

বতৰ বিজ্ঞান বিভাগে অধিক বৰষুণ হোৱাৰ সতৰ্কবাণী দিছে, গতিকে ৰাজ্য প্ৰশাসন সজাগ আৰু ক্ষতি কম কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande