ভাৰত-পাকিস্তানে সামৰিক অভিযান বন্ধ কৰিবলৈ সন্মত, ১২ মে’ত পুনৰ অনুষ্ঠিত হ’ব ডিজিএমঅ’ পৰ্যায়ৰ আলোচনা
নতুন দিল্লী, ১০ মে’ (হি.স.)। ভাৰত আৰু পাকিস্তানে সীমান্তৰ সকলো সামৰিক কাৰ্যকলাপ তৎকালীনভাৱে বন্ধ কৰিবলৈ সন্মত হৈছে। এই তথ্য শনিবাৰে সংবাদমেলযোগে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰদান কৰে। মিশ্ৰীয়ে কয় যে আজি বিয়লি ৩:৩৫ বজাত পাকিস্তানৰ ডিজিএমঅ
पत्रकार वार्ता करते विदेश सचिव


নতুন দিল্লী, ১০ মে’ (হি.স.)। ভাৰত আৰু পাকিস্তানে সীমান্তৰ সকলো সামৰিক কাৰ্যকলাপ তৎকালীনভাৱে বন্ধ কৰিবলৈ সন্মত হৈছে। এই তথ্য শনিবাৰে সংবাদমেলযোগে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰদান কৰে।

মিশ্ৰীয়ে কয় যে আজি বিয়লি ৩:৩৫ বজাত পাকিস্তানৰ ডিজিএমঅ’ই ভাৰতীয় ডিজিএমঅ’ক ফোন কৰি দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত আলোচনা কৰে। আলোচনাৰ সময়ত আজি সন্ধিয়া ৫ বজাৰ পৰা স্থল, সাগৰ আৰু আকাশী তিনিওটা ফ্ৰণ্টতে গুলীচালনা আৰু সামৰিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ হ’ব বুলি সহমতত উপনীত হয়। দুয়োপক্ষই নিজ নিজ সামৰিক বিষয়াকো এই চুক্তি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে।

বৈদেশিক সচিবগৰাকীয়ে কয় যে ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানৰ মাজত অহা ১২ মে’ত দিনৰ ১২ বজাত পুনৰ বৈঠকত মিলিত হৈ পৰিস্থিতিৰ অধিক মূল্যায়ন কৰিব। এই চুক্তিক আঞ্চলিক শান্তিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

উল্লেখযোগ্য যে বৈদেশিক সচিবৰ বক্তব্যৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰেও যুদ্ধবিৰতি সন্দৰ্ভত বক্তব্য আগবঢ়াইছিল। আমেৰিকাৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা আলোচনাৰ পিছত দুয়োখন দেশে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল। ট্ৰাম্পে কয় যে দীৰ্ঘ নিশাৰ আলোচনাৰ অন্তত এই চুক্তি সম্ভৱ হৈছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande