নাগ্ৰোটা সামৰিক ষ্টেচনত গুলীচালনাত আহত এজন জোৱান, অনুপ্ৰৱেশকাৰীক আটক কৰিবলৈ অব্যাহত তালাচী অভিযান
জম্মু, ১১ মে’ (হি.স.)। জম্মু-কাশ্মীৰৰ নাগ্ৰোটা সামৰিক ষ্টেচনতশনিবাৰে গভীৰ নিশা অনুপ্ৰৱেশৰ সন্দেহজনক চেষ্টা ব্যৰ্থ হয়। সতৰ্ক প্ৰহৰীয়ে সময়মতে প্ৰত্যাহ্বান জনোৱাৰ ফলত সন্দেহজনক লোকজনৰ সৈতে চমুকৈ গুলীচালনা হয়, য’ত এজন জোৱান সামান্য আঘাতপ্ৰাপ্ত হয়।
সেনাৰ হোৱাইট নাইট কৰ্পছৰ টুইট


জম্মু, ১১ মে’ (হি.স.)। জম্মু-কাশ্মীৰৰ নাগ্ৰোটা সামৰিক ষ্টেচনতশনিবাৰে গভীৰ নিশা অনুপ্ৰৱেশৰ সন্দেহজনক চেষ্টা ব্যৰ্থ হয়। সতৰ্ক প্ৰহৰীয়ে সময়মতে প্ৰত্যাহ্বান জনোৱাৰ ফলত সন্দেহজনক লোকজনৰ সৈতে চমুকৈ গুলীচালনা হয়, য’ত এজন জোৱান সামান্য আঘাতপ্ৰাপ্ত হয়। সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পছে এই কথা নিশ্চিত কৰি কয় যে সন্দেহজনক লোকজনৰ সন্ধান উলিয়াবলৈ তালাচী অভিযান অব্যাহত আছে।

হোৱিইট নাইট কৰ্পছে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ত জনাইছে যে, পেৰিমিটাৰৰ ওচৰত সন্দেহজনক কাৰ্যকলাপ দেখাৰ পিছত সতৰ্ক প্ৰহৰীয়ে প্ৰত্যাহ্বান জনায়, তাৰ পিছত গুলীচালনা সংঘটিত হয়। ইয়াৰ সময়ত প্ৰহৰীয়েজন সামান্য আঘাতপ্ৰাপ্ত হয়। অনুসন্ধান অভিযান চলি আছে।

নিৰাপত্তা সংস্থাসমূহে এই ঘটনাক শেহতীয়া ভাৰত-পাক উত্তেজনা আৰু সম্ভাৱ্য সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত কৰি তুলিছে। সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে। সেনা আৰু আৰক্ষীৰ দলে যৌথভাৱে চাৰিওফালৰ অঞ্চলত কম্বিং অভিযান চলাই আছে। অনুসন্ধান অভিযানৰ বাবে অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে। বিষয়াসকলৰ মতে, এইটো এটা সম্ভাৱ্য সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ প্ৰচেষ্টা হ’ব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande