- অভিযানত ১০০ জন সন্ত্ৰাসবাদী নিহত, এলওচিত গোলাবৰ্ষণত প্ৰায় ৪০ জন পাকিস্তানী জোৱান নিহত
- বায়ুসেনাই পাকিস্তানৰ ৩টা এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰাৰ লগতে দুটা এয়াৰবেছৰ ৰাণৱে ধ্বংস কৰে
- ভাৰতীয় সেনাৰ প্রত্যাক্ৰমণমূলক কার্যত পাকিস্তানী সেনাৰ ৩৫ৰ পৰা ৪০জন বিষয়া আৰু জোৱানৰ মৃত্যু হয়
নতুন দিল্লী, ১১ মে’ (হি.স.)। পাকিস্তানৰ উদ্যোগত যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হৈছে যদিও সশস্ত্ৰ বাহিনীৰ অপাৰেচন ‘সিন্দুৰ’ অব্যাহত থাকিব। অহা ১২ মে’ৰ নিশা ১২:০০ বজাত দুয়োখন দেশৰ ডিজিএমঅ’ৰ মাজত আলোচনা অনুষ্ঠিত হ’ব আৰু ভৱিষ্যতৰ কৌশল নিৰ্ণয় কৰা হ’ব। যুদ্ধবিৰতি উলংঘা বন্ধ কৰিবলৈ ভাৰতে আজি পুৱা ডিজিএমঅ’লৈ আন এক হটলাইন বাৰ্তা প্ৰেৰণ কৰিছে। আজি ৰাতি বা পিছত এইবোৰ পুনৰাবৃত্তি হ’লে আমি কঠোৰভাৱে সঁহাৰি দিম। পাকিস্তানে কোনো ধৰণৰ উলংঘা কৰিলে প্ৰতিশোধ লোৱাৰ সম্পূৰ্ণ কৰ্তৃত্ব আমাৰ আৰ্মী কমাণ্ডাৰক সেনা প্ৰধানে দিছে।
যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হ’ব পাৰে, কিন্তু সশস্ত্ৰ বাহিনীৰ ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত ভাৰতীয় বাহিনীয়ে বহু গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে। এই অভিযানত তিনিজন ডাঙৰ সন্ত্ৰাসবাদীকে ধৰি ১০০জন সন্ত্ৰাসবাদী নিহত হৈছে। এলওচিত গোলাবৰ্ষণত প্ৰায় ৪০ জন পাকিস্তানী জোৱান নিহত হয়। ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বহু বিমান ঘাটি আৰু সেনা প্ৰতিষ্ঠান আক্ৰমণ কৰি ধ্বংস কৰে।
ভাৰতীয় সেনাৰ প্রতিশোধমূলক কার্যত পাকিস্তানী সেনাৰ ৩৫ৰ পৰা ৪০জন বিষয়া আৰু জোৱানৰ মৃত্যু হৈছে৷ পাকিস্তানৰ আক্ৰমণত ভাৰতীয় বায়ুসেনাৰ কোনো এয়াৰবেছৰ কোনো ক্ষতি হোৱা নাই, আনহাতে ভাৰতীয় বায়ুসেনাৰ এয়াৰ ডিফেন্স চিষ্টেমে পাকিস্তানৰ সকলো আক্ৰমণ বিফল কৰি তুলিলে। বায়ুসেনাই পাকিস্তানৰ ৩টা এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰাৰ লগতে দুটা এয়াৰবেছৰ ৰাণৱে ধ্বংস কৰে।
দেওবাৰে তিনিওটা সেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ‘অপাৰেচন সিন্দুৰ’ৰ সাফল্যৰ বিষয়ে তথ্য প্ৰদান কৰে। সেনাৰ ডিজিএমঅ’ ৰাজীৱ ঘাইয়ে কয় যে ২২ এপ্ৰিলত পেহেলগামত ২৬ জন নিৰীহ লোকৰ মৃত্যুৰ পিছত সন্ত্ৰাসবাদৰ ষড়যন্ত্ৰকাৰীক শাস্তি প্ৰদান আৰু তেওঁলোকৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰাৰ স্পষ্ট সামৰিক উদ্দেশ্যৰে অপাৰেচন সিন্দুৰ আৰম্ভ কৰা হৈছিল। তেওঁ কয় যে পাকিস্তানে নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰি অসামৰিক জনবসতিপূৰ্ণ গাঁও আৰু গুৰুদ্বাৰাৰ দৰে ধৰ্মীয় স্থানত গুলীচালনা কৰে, যাৰ ফলত আমাৰ অসামৰিক অঞ্চলত বহু লোকৰ কৰুণ মৃত্যু হয়।
ডিজিএমঅ’ ঘাইয়ে কয় যে অপাৰেচন ‘সিন্দুৰ’ত সেনাই পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ জনাই পাকিস্তান আৰু পিঅ’কেত সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আন্তঃগাঁথনি ধ্বংস কৰিছে। ভাৰতীয় বায়ুসেনাই সন্ত্ৰাসবাদী শিবিৰসমূহ আক্ৰমণ কৰাত ভূমিকা গ্ৰহণ কৰিছিল আৰু ভাৰতীয় নৌসেনাই নিখুঁত অস্ত্ৰৰ ক্ষেত্ৰত সম্পদ যোগান ধৰিছিল। ভাৰতীয় বায়ুসেনাই চিনাক্ত কৰা ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান সঠিকভাৱে লক্ষ্য কৰি ধ্বংস কৰে। এই অভিযানত আইচি-৮১৪ অপহৰণ আৰু পুলৱামা বিস্ফোৰণৰ লগত জড়িত ইউছুফ আজহাৰ, আব্দুল মালিক ৰাউফ আৰু মুদাছিৰ আহমেদকে ধৰি ১০০জন সন্ত্ৰাসবাদী নিহত হৈছে।
ডি জি এম অ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কয় যে ৯-১০ মে’ৰ নিশা পাকিস্তানে আমাৰ আকাশমাৰ্গত সীমান্তৰ সিপাৰে ড্ৰ’ন আৰু বিমান উৰুৱাই কেইবাটাও সামৰিক আন্তঃগাঁথনি লক্ষ্য কৰি ব্যাপক প্ৰচেষ্টা চলাইছিল যদিও ভাৰতীয় বায়ুসেনাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানৰ সকলো আক্ৰমণ বিফল কৰি পেলাইছিল। তেওঁ জনোৱা মতে, ৭ মে’ৰ পৰা ১০ মে’ৰ ভিতৰত নিয়ন্ত্ৰণ ৰেখাত আৰ্টিলাৰী আৰু ক্ষুদ্ৰ অস্ত্ৰৰ গুলীত প্ৰায় ৩৫ৰ পৰা ৪০জন লোক নিহত হোৱা বুলি পাকিস্তানী সেনাই প্ৰকাশ কৰিছে। ভাৰতীয় বায়ুসেনাৰ সৈতে এক সংহত গ্ৰীড স্থাপনৰ বাবে আমি বায়ু প্ৰতিৰক্ষা আৰু ইলেক্ট্ৰনিক যুদ্ধ সম্পত্তি নিয়োগ কৰাৰ দৰে কিছু ব্যৱস্থাও গ্ৰহণ কৰিলোঁ।
ডিজিএমঅ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে জনোৱা মতে আমি স্থল, সাগৰীয় আৰু আকাশী অঞ্চলত আমাৰ বাহিনীৰ চলাচল অন্তৰ্ভুক্ত কৰিবলৈও নিয়োগ কৰিলোঁ। ৯-১০ মে’ৰ নিশা ড্ৰ’ন আৰু বিমানৰ অনুপ্ৰৱেশ ঘটিছিল আৰু এইবাৰ বিমানবন্দৰ আৰু কিছুমান অতি গুৰুত্বপূৰ্ণ লজিষ্টিক ইনষ্টলেশ্যনক লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰা হৈছিল যদিও ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় সেনাৰ সংহত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াক দক্ষতাৰে বিফল কৰি তুলিছিল।
এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে ৮ আৰু ৯ তাৰিখৰ নিশা ২২:৩০ বজাৰ পৰা শ্ৰীনগৰৰ পৰা আৰম্ভ কৰি নলিয়ালৈ উঠি যোৱা আমাৰ চহৰবোৰত ড্ৰ’ন, মানৱবিহীন বিমানেৰে ব্যাপক আক্ৰমণ সংঘটিত হৈছিল যদিও আমি সাজু হৈ আছিলো। আমাৰ বিমান প্ৰতিৰক্ষাৰ প্ৰস্তুতিয়ে নিশ্চিত কৰিছিল যে শত্ৰুৰ কোনো এটা লক্ষ্যৰ কোনো ক্ষতি নহয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমি পুনৰবাৰ লাহোৰ আৰু গুজৰাণৱালাৰ সামৰিক সংস্থাপন, চোৱাচিতা ৰাডাৰ ছাইটক লক্ষ্য কৰি লৈছিলো। ইয়াৰ পিছতো ৰাতিপুৱালৈকে ড্ৰ’ন আক্ৰমণ চলি থাকিল, যাৰ প্ৰতি আমি সঁহাৰি জনাইছিলো। লাহোৰৰ ওচৰৰ কোনোবা ঠাইৰ পৰা এই ড্ৰোন আক্ৰমণ সংঘটিত হৈছিল।
ইফালে শত্ৰুৱেও নিজৰ অসামৰিক বিমানক লাহোৰৰ পৰা উৰিবলৈ অনুমতি দিছিল, গতিকে আমি বিমান আক্ৰমণ চলাবলৈ অত্যন্ত সাৱধান হ’বলগীয়া হৈছিল। এয়াৰ মাৰ্শ্বাল ভাৰতীয়ে মুৰিদকে আৰু বাহাৱালপুৰ সন্ত্ৰাসবাদী শিবিৰত ক্ষেপণাস্ত্ৰৰ প্ৰভাৱৰ বিশদ ভিডিঅ’ও দেখুৱায়।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া