মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযানত গ্ৰেপ্তাৰ ১৩ জন, উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ
ইম্ফল, ১১ মে’ (হি.স.)। মণিপুৰৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে নিবিড় অভিযান চলাই আছে। এই অভিযানৰ সময়ত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ১৩ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈ
মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযান


ইম্ফল, ১১ মে’ (হি.স.)। মণিপুৰৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে নিবিড় অভিযান চলাই আছে। এই অভিযানৰ সময়ত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ১৩ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।

দেওবাৰে মণিপুৰ আৰক্ষীৰ মুখপাত্ৰই জনোৱা মতে, এই সময়ছোৱাত এটা ৭.৬২ এছ এল আৰ ৰাইফল, এটা মেগজিন, এটা মডিফাইড .৩০৩ ৰাইফল, এটা এছ বি বি এল গান, দুটা .২২ ৰাইফল, এটা ফ্লেয়াৰ গান, দুটা ৯ এম এম পিষ্টল আৰু দুটা মেগজিন, এটা পিষ্টল খালী মেগজিন, এটা হেণ্ড গ্ৰেনেড (ডিটনেটৰ নোহোৱাকৈ), এটা বাওফেং হেণ্ডহেল্ড চেট, বিভিন্ন ধৰণৰ গুলী, পাটছয় থানা এলেকাৰ ছাজিৰক টুৰেল ম্পাল (ইম্ফল পশ্চিম)ৰ পৰা জব্দ দুটা বি পি ভেষ্ট, জংগল বুট, বগা প্লাষ্টিকৰ বেগ আৰু এটা বস্তা।

ধন দাবীৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ৰাজ্যত চলি আছে চোৰাংচোৱা ভিত্তিক তীব্ৰ তালাচী অভিযান।

একেধৰণৰ অভিযানত ইম্ফল পশ্চিমৰ পৰা কেচিপি (পিডব্লিউজি)ৰ দুজন কেডাৰ নিংথৌজাম কিৰণ মেইটেই ওৰফে বয়নাও (২৯) আৰু ছৰুখাইবাম ইনাওচা সিং (৪৫)ক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা ইনছাছ, এ কে ৰাইফল আৰু .৩০৩ গুলী, খালী গোলা, বাওফেং চেট, বি পি ভেষ্ট, মোবাইল, আধাৰ কাৰ্ড, চাৰিচকীয়া বাহন আৰু এটা সেউজীয়া বেগ জব্দ কৰে।

আন এক অভিযানত কেচিপি (এম চি প্ৰগ্ৰেছিভ)ৰ চাৰিজন কেডাৰক বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ ভিতৰত আছে হিদাংমায়ুম হৰিশংকৰ শৰ্মা, হিদাংময়ম নাওবা শৰ্মা, ঐনাম জীত সিং আৰু লাইশ্ৰম ইনাও সিং। তেওঁলোকৰ পৰা দুটা পিষ্টল, ২৭টা লাইভ কাৰ্টিজ, তিনিচকীয়া, দুচকীয়া বাহন, মোবাইল, মানিবেগ, নগদ ধন আৰু নথি-পত্ৰ উদ্ধাৰ কৰে।

চালাম মানিং লাইকাইৰ পৰা কেচিপি (আপুম্বা)ৰ কেডাৰ আবুজাম মনোজ সিং (২১)ক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা এটা মোবাইল ফোন আৰু ৪৬ জাঁই ৫.৫৬ মিমি গুলী উদ্ধাৰ কৰে।

লামছাং থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আৰ পি এফ/পি এল এৰ সদস্য ছ’গোলচেম থ’ইথ’ই ওৰফে চেমছন (৪৪)। তেওঁৰ পৰা জব্দ কৰা হৈছে দুটা মোবাইল ফোন।

লামলাই থানা এলেকাৰ পৰা প্ৰেপক (প্ৰ’) ইংগুদাম ইংগোচা সিং (৪৮) আৰু ৱাংগু থানা এলেকাৰ পৰা সাৰংথেম প্ৰেমানন্দ সিং (৩৫) নামৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। দুয়োৰে বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ, লজিষ্টিক আৰু ধন দাবীৰ সৈতে জড়িত থকাৰ অভিযোগ আছে।

ইম্ফল ৱেষ্টৰ পৰা গ্ৰেপ্তাৰ হয় প্ৰেপাকৰ অন্তৰ্গত জি ৫ আউটফিটৰ এজন সদস্য ছালাম কিফছন লুৱাং (২৬)ক। তেওঁৰ পৰা উদ্ধাৰ হৈছে এটা মোবাইল ফোন আৰু আধাৰ কাৰ্ড।

থৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে কেচিপি (পিডব্লিউজি)ৰ নিংগোম্বাম জিতন সিং (৪৫) আৰু প্ৰেপাক (পিআৰঅ’)ৰ খাংগেম্বাম নিংথেম মেইটেই (৫১)ক। দুয়োৰে বিৰুদ্ধে ধন দাবী, নতুন নিযুক্তি আৰু অবৈধ কৰ সংগ্ৰহৰ লগত জড়িত থকাৰ অভিযোগ। তেওঁলোকৰ পৰা জব্দ কৰিছে মোবাইল ফোন আৰু চিম কাৰ্ড।

ৰাজ্যত চলি থকা এই চোৰাংচোৱা ভিত্তিক অভিযানত ধন দাবীৰ লগত জড়িত উগ্ৰপন্থীৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই প্ৰক্ৰিয়া অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande