নতুন দিল্লী/বেইজিং, ১১ মে’ (হি.স.)। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণাৰ পিছতে শনিবাৰে গভীৰ নিশা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে টেলিফোনিক এক গুৰুত্বপূৰ্ণ বাৰ্তালাপ কৰে। এই কথা-বতৰাৰ কেন্দ্ৰবিন্দু আছিল শেহতীয়া ‘অপাৰেচন সিন্দুৰ’ আৰু আঞ্চলিক শান্তি।
এই বাৰ্তালাপত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতীয় নাগৰিকৰ গুৰুতৰ ক্ষতিৰ পিছত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি ডোভালে ৱাং য়িক স্পষ্ট কৰি দিছিল। তেওঁ কয় যে ভাৰতে যুদ্ধ নিবিচাৰে, সেয়া আমাৰ পছন্দ নাছিল, কিন্তু সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি প্ৰত্যুত্তৰ জনাই ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় আছিল। যুদ্ধবিৰতিৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধতাৰে ভাৰত আৰু পাকিস্তান দুয়োখন দেশে অতি সোনকালে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে এই বাৰ্তালাপত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি কয় যে চীনে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে। তেওঁ কয়, বৰ্তমানৰ বিশ্ব পৰিস্থিতি অস্থিৰ আৰু এছিয়া অঞ্চলত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান। ভাৰত আৰু পাকিস্তান দুয়োখন দেশ চীনৰ প্ৰতিবেশী দেশ আৰু পাৰস্পৰিক সহযোগিতা আৰু আলোচনাৰ পথ অনুসৰণ কৰা উচিত।
যুদ্ধ ভাৰতৰ অগ্ৰাধিকাৰ নহয় বুলি ডোভালৰ স্থিতিৰ শলাগ লয় ৱাং য়ীয়ে। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰত আৰু পাকিস্তানে সংযম প্ৰয়োগ কৰি আলোচনা আৰু দিহা পৰামৰ্শৰ জৰিয়তে তেওঁলোকৰ মতানৈক্য সমাধান কৰিব আৰু উত্তেজনা বৃদ্ধি হোৱাত বাধা দিব। তেওঁ কয়, চীনে ভাৰত আৰু পাকিস্তানৰ মাজত এক ব্যাপক আৰু স্থায়ী যুদ্ধবিৰতিৰ সমৰ্থন কৰে। এয়া দুয়োখন দেশৰ লগতে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সমাজৰ ইচ্ছা।
উল্লেখযোগ্য যে বিগত সময়ত পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতে ‘অপাৰেচন সিন্দুৰ’ৰ সফল অভিযানৰ পাছত এই অঞ্চলত উত্তেজনা বৃদ্ধি পাইছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছিল আৰু এতিয়া চীনৰ মধ্যস্থতাকাৰী ভূমিকাই পৰিস্থিতিত কূটনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া