সামৰিক ব্যৱস্থা বন্ধ কৰাৰ পিছতো শিয়ালদহ ষ্টেচনত হাই এলাৰ্ট
কলকাতা, ১১ মে’ (হি.স.)। ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক কাৰ্যকলাপ বন্ধ হোৱাৰ পাছতো পশ্চিম বংগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচন শিয়ালদহ ৰে’ল ষ্টেচনত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো শিথিলতা দিয়া হোৱা নাই। সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰেলৱে সুৰক্ষা বাহিনীক হ
শিয়ালদহ ষ্টেচন


কলকাতা, ১১ মে’ (হি.স.)। ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক কাৰ্যকলাপ বন্ধ হোৱাৰ পাছতো পশ্চিম বংগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচন শিয়ালদহ ৰে’ল ষ্টেচনত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো শিথিলতা দিয়া হোৱা নাই। সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰেলৱে সুৰক্ষা বাহিনীক হাই এলাৰ্টত ৰখা হৈছে।

যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ শিয়ালদহ সংমণ্ডলৰ সকলো ষ্টেচনৰ লগতে গুৰুত্বপূৰ্ণ ইন্ধন ষ্টেচনকে ধৰি অন্যান্য স্থানত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ডগ স্কোয়াডে ষ্টেচন আৰু ৰে’লত দৈনিক অনুসন্ধানত নিয়োজিত হৈ থাকে, যাতে সম্ভাৱ্য ভাবুকি দ্ৰুতভাৱে ধৰা পেলাব পৰা যায়। ৰে'ল ষ্টেচন আৰু লেভেল ক্ৰছিঙত আৰ পি এফ আৰু আৰ পি এফ বাহিনীৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰা হৈছে।

শিয়ালদহ সংমণ্ডল ৰেলৱেৰ প্ৰবন্ধক ৰাজীৱ ছাক্সেনাই কয় যে যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে আৰ পি এফে নিয়মিতভাৱে ছিলডা ষ্টেচনত টহল দি আছে। অধিক নিৰাপত্তা বাহিনী নিয়োগ, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ঘন জনবসতিপূৰ্ণ অঞ্চলত কঠোৰ নিৰীক্ষণৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে।

ষ্টেচন এলেকাৰ লগতে ৰে'ল লাইনতো নিয়মীয়াকৈ টহল দি থকা হৈছে। স্ক্যানাৰ আৰু হেণ্ডহেল্ড মেটেল ডিটেক্টৰ ব্যৱহাৰ কৰি যাত্ৰীসকলৰ লাগেজ পৰীক্ষা কৰা হৈছে। শিয়ালদহ ষ্টেচনৰ পি আৰ এছ কাউণ্টাৰ, ক্ল’কৰুম, ৱেটিং ৰুম, শৌচাগাৰ আৰু প্লেটফৰ্ম এলেকাৰ দৰে অতি ভিৰ কৰা অঞ্চলত বিশেষ সতৰ্কতা বজাই ৰখা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande