পঞ্জাৱঃ সামৰিক কার্য বন্ধ হোৱাৰ পাছতো পাঠানকোট আৰু অমৃতসৰত শুনা গ’ল বিস্ফোৰণৰ শব্দ
-পঞ্জাৱৰ বহু চহৰত পুনৰ ব্লেকআউট পুৱা চাৰি বজাত বিস্ফোৰণৰ শব্দত সাৰ পায় অমৃতসৰবাসী চণ্ডীগড়, ১১ মে’ (হি.স.)। ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক কাৰ্যকলাপ বন্ধ হৈ থকাৰ পাছতো শনিবাৰে নিশা পঞ্জাৱৰ পাথানকোট আৰু অমৃতসৰত বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ বাবে
পঞ্জাৱঃ সামৰিক কার্য বন্ধ হোৱাৰ পাছতো পাঠানকোট আৰু অমৃতসৰত শুনা গ’ল বিস্ফোৰণৰ শব্দ


-পঞ্জাৱৰ বহু চহৰত পুনৰ ব্লেকআউট

পুৱা চাৰি বজাত বিস্ফোৰণৰ শব্দত সাৰ পায় অমৃতসৰবাসী

চণ্ডীগড়, ১১ মে’ (হি.স.)। ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক কাৰ্যকলাপ বন্ধ হৈ থকাৰ পাছতো শনিবাৰে নিশা পঞ্জাৱৰ পাথানকোট আৰু অমৃতসৰত বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ বাবেই শনিবাৰে সন্ধিয়া পঞ্জাৱ চৰকাৰে ব্লেকআউটৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ পিছত পুনৰ ৰাতি পঞ্জাৱৰ প্ৰায় আধা ডজন চহৰত ব্লেকআউট কৰিব লগা হ’ল। অমৃতসৰ আৰু পাঠানকোটতো এলাৰ্ম চাইৰেন বজোৱা হয়। দেওবাৰে পুৱা ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকে।

এতিয়ালৈকে ক’তো ড্ৰ’ন আক্ৰমণৰ খবৰ পোৱা নাই। তিনিদিনৰ ভিতৰত পাকিস্তানৰ পৰা পঞ্জাৱৰ ১২খন জিলাত সংঘটিত হৈছে আক্ৰমণ। সামৰিক ঘাটিৰ পৰা আৱাসিক এলেকালৈকে ড্ৰ’ন আৰু মিছাইলক লক্ষ্য কৰি লোৱা হৈছিল। কিন্তু, সেনাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিটো আক্ৰমণ বিফল কৰি পেলালে।

শনিবাৰে নিশা প্ৰায় ১০ বজাত বিস্ফোৰণৰ শব্দ শুনাত পাঠানকোটত ব্লেকআউট জাৰি কৰা হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, পাঠানকোটৰ মাধোপুৰ অঞ্চলৰ সমীপত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়। গোটেই নিশা আৰক্ষী আৰু সেনাৰ বাহনসমূহে টহল দি আছিল। ব্লেকআউট হোৱাৰ পিছতো আৰক্ষীয়ে গৈ সীমান্ত অঞ্চলত জ্বলি থকা লাইটবোৰ বন্ধ কৰি দিয়ে। দেওবাৰে পুৱা ৫ বজাত প্ৰশাসনে পুনৰ বিদ্যুতৰ ব্যৱস্থা কৰে।

যোৱা নিশা বিস্ফোৰণৰ শব্দ শুনাত অমৃতসৰো ব্লেক আউট কৰা হয়। ইয়াত দেওবাৰে পুৱা প্ৰায় ৪ বজাত বিস্ফোৰণৰ শব্দ শুনা গ’ল। ইয়াৰ পিছতে প্ৰশাসনে মানুহক ঘৰতে থাকিবলৈ মেছেজ ফ্লেচ কৰিলে। জিলা উপায়ুক্ত সাক্ষী সাহনীয়ে জনোৱা মতে, পুৱা ৫.২০ বজাত বিদ্যুৎ পুনৰ স্থাপন কৰা হয়। সীমান্ত জিলা হোৱাৰ বাবে আমি ৰেড এলাৰ্টত আছো। সকলোৱে সজাগ হ’ব লাগিব। বৰ্তমান পৰিস্থিতি স্বাভাৱিক হৈয়ে আছে। এই পৰ্যন্ত জিলাখনৰ কোনো ঠাইৰ পৰা কোনো ড্ৰোন বা ক্ষেপণাস্ত্ৰ পৰি যোৱাৰ খবৰ পোৱা নাই। শনিবাৰে নিশা পঞ্জাৱৰ ফিৰোজপুৰ, জলন্ধৰ আৰু মুক্তছাৰ চাহাবত পৰিস্থিতি স্বাভাৱিক হৈ থাকে। ইয়াৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ অহা নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande