ডিব্ৰুগড়, ০8 এপ্ৰিল (হি.স.)। মৰাণৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা সমাজসেৱীকা অঞ্জলী মহন চেতিয়ালৈ ২০২৫ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা। টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে সোণাৰিত প্ৰদান কৰিব এই বঁটা।
অহা ৩০ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটা। ২০১৩ বৰ্ষৰ পৰা টাইপাই সোণাৰিত প্ৰদান কৰি আহিছে এই বঁটা।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু