গোলাঘাট, ১৭ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক। যুৱকজন ব্ৰহ্মপুত্ৰ অঞ্চলৰ কৰৈয়নী গাঁৱৰ বিকাশ ৰাজখোৱা বুলি পৰিচয় পোৱা গৈছে।
যোৰহাটৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। বাইকেৰে আহি থকা অৱস্থাত ডিভাইডাৰত খুন্দা মাৰে যুৱকজনে। দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লোৱাডোংত সংঘটিত হয় এই ঘটনা। যুৱকজনৰ মৃত্যুত ব্ৰহ্মপুত্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা