গুৱাহাটী মহানগৰীত আৰক্ষী অভিযানত আলফা(স্বা.)ৰ লিংকমেন গ্ৰেপ্তাৰ
গুৱাহাটী, ০২ মে(হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত গুৱাহাটী মহানগৰীত আৰক্ষী অভিযানত নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা(স্বাধীন)ৰ সৈতে জড়িত এজন লিংকমেনক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়। যোৱা নিশা মহানগৰীৰ বেলতলা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বিশ্বজিৎ
গুৱাহাটী মহানগৰীত আৰক্ষী অভিযানত আলফা(স্বা.)ৰ লিংকমেন গ্ৰেপ্তাৰ


গুৱাহাটী, ০২ মে(হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত গুৱাহাটী মহানগৰীত আৰক্ষী অভিযানত নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা(স্বাধীন)ৰ সৈতে জড়িত এজন লিংকমেনক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়। যোৱা নিশা মহানগৰীৰ বেলতলা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বিশ্বজিৎ ৰায় নামৰ আটকাধীন ব্যক্তিজনক।

আৰক্ষীৰ সূত্ৰ অনুসৰি বিশ্বজিৎ ৰায়ৰ বেলতলা তিনিআলিত এখন খুচুৰা বিপণী আছে। সম্প্ৰতি তেওক আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ তত্বাৱধানত জেৰা অব্যাহত ৰাখিছে।

উক্ত গ্ৰেপ্তাৰৰ জৰিয়তে বিদ্ৰোহী গোটৰ সৈতে সংযোগ থকা বুলি অভিযোগ উত্থাপিত পঞ্চম গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত তিনিজন নাগালেণ্ডৰ, এজন বাক্সাৰ আৰু বৰ্তমান ৰয় গুৱাহাটীৰ। আজি ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত অব্যাহত থকা জেৰাত চোৰাংচোৱা ব্যুৰোৱে অংশগ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande