গোৰেশ্বৰৰ বেতনাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ আয়োজন
বাক্সা, ১৭ এপ্ৰিল (হি.স.)। গোৰেশ্বৰৰ বেতনাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ আয়োজন কৰা হৈছে। অহা ১৮, ১৯ আৰু ২০ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বাঁহ গোঁসাই উৎসৱ । এই উপলক্ষ্য়ত ৪০ হাজাৰ অতিথিক আদৰিবলৈ সাজু হি
গোৰেশ্বৰৰ বেতনাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ আয়োজন


বাক্সা, ১৭ এপ্ৰিল (হি.স.)। গোৰেশ্বৰৰ বেতনাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ আয়োজন কৰা হৈছে। অহা ১৮, ১৯ আৰু ২০ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বাঁহ গোঁসাই উৎসৱ । এই উপলক্ষ্য়ত ৪০ হাজাৰ অতিথিক আদৰিবলৈ সাজু হিতেশ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰ।

এই উৎসৱৰ লগত সংগতি ৰাখি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বি- বাৰ্ষিক অধিবেশন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিবেশনখনো অনুষ্ঠিত হ’ব। বাঁহ গোঁসাই উৎসৱ উদযাপনৰ বাবে বেতনাৰ প্ৰয়াত হিতেশ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত পূৰ্ণোদ্যমে চলি আছে শৰণীয়া লোক নৃত্য গীতৰ আখৰা। ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰৱেশদ্বাৰ, মঞ্চ, ৰভা,গোঁসাই ঘৰ, শৰণীয়া কছাৰী লোকে বসবাস কৰা প্ৰতিকী গৃহকে ধৰি ৮০ শতাংশ কাম।

আটাইকেইদিনৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ মূল উদযাপন সমিতিৰ লগতে ২০খন উপ সমিতি সম্পূৰ্ণ সাজু হৈছে। তিনিদিনৰ কাৰ্যসূচীত ৰাজ্যৰ সাহিত্য, শিক্ষা আৰু ৰাজনৈতিক ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। আটাই কেইদিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কাযনা কৰিছে উদযাপন সমিতিয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande