বিজেপি দলে ভয় ভাবুকি আৰু প্ৰলোভনেৰে কংগ্ৰেছ প্ৰাৰ্থীক মনোনয়ন প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগ
বাইহাটা চাৰিআলিত কংগ্ৰেছ দলৰ সংবাদ মেল ।
বিজেপি দলে ভয় ভাবুকি আৰু প্ৰলোভনেৰে কংগ্ৰেছ প্ৰাৰ্থীক মনোনয়ন প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগ


কামৰূপ, ১৯ এপ্ৰিল (হি.স.): বাইহাটা চাৰিআলিত যোৱাকালি শুকুৰবাৰে সন্ধিয়া কংগ্ৰেছ দলে এখন সংবাদ মেল অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্য়াহাৰক লৈ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে । সমাগত পঞ্চায়ত নিৰ্বাচনত বিভিন্ন পদবীৰ বাবে মনোনয়ন পত্ৰ জমা দিয়াৰ পিচত পুনৰ একাংশ কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ্য়েষ্ঠ কংগ্ৰেছ নেতা মতলেবুদ্দিন আহমেদে ।

নেতা গৰাকীৰ মতে বিজেপি দলে ভয় ভাবুকি আৰু প্ৰলোভনেৰে কংগ্ৰেছ প্ৰাৰ্থী সকলক মনোনয়ন প্ৰত্যাহাৰ কৰাইছে । যি সকলে কংগ্ৰেছ দলৰ পৰা আঁতৰি গৈছে সেই সকলক গাদ্দাৰ আৰু প্ৰতাৰক বুলিও অভিহিত কৰে । ইফালে প্ৰলোভনৰ ৰাজনীতিৰে কংগ্ৰেছ প্ৰাৰ্থী সকলক দলৰ পৰা আঁতৰাই নিয়া কাৰ্যটো গণতন্ত্ৰৰ পৰিপন্থী বুলি অভিহিত কৰে অন্য এজন কংগ্ৰেছ নতা হৰিশ পাটোৱাৰীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande