কামৰূপ, ১৯ এপ্ৰিল (হি.স.): কামৰূপ জিলাৰ চাংসাৰীৰ চকীগেটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দূৰ্ঘটনাত পতিত হয় গায়ক জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পীৰ বাহন।
চাংসাৰিৰ চৌকীগেট ফ্লাই অভাৰত সংঘটিত হৈছে এই দুৰ্ঘটনা । এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে বাদ্যযন্ত্ৰী শিল্পী। পাঠশালাত কালি নিশা বিহুৰ সংগীতানুষ্ঠান লৈ গৈ থাকোতে এই অঘটন ঘটে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ