বাক্সা, ১৯ এপ্ৰিল (হি.স.): বাক্সা জিলাৰ গোৰেশ্বৰৰ বাঙালীপাৰাত যোৱাকালি নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত ফলত লক্ষণ জৈন নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়।
অগ্নি নিৰ্বাকক বাহিনী আহি নোপোৱাত নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে সম্পূৰ্ণ ব্যৱসায়িক প্ৰতিষ্ঠানটো। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। অগ্নি নিৰ্বাপক বাহিনীৰ অনুপস্থিতিত স্থানীয় লোকে জুই নিৰ্বাপণৰ চেষ্টা চলায়। অগ্নিকাণ্ডত কেবালাখ টকাৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা ব্য়ক্ত কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ