ধুবুৰী, ১৯ এপ্ৰিল (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ চিখাইটাৰিত যোৱাকালি শুকুৰবাৰে নিশা এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী বিজপিৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ ওপৰত দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হয়। এটা ভেৰা দুৰ্ঘটনাগ্ৰস্ত হোৱাক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গাড়ীত শিলগুটি নিক্ষেপ কৰাৰ লগতে বাইক লৈ ৰঞ্জিত কুমাৰ ৰায়ক আক্ৰমণ কৰিবলৈ খেদি আহে দুষ্কৃতিকাৰিৰ দলে।
জানিব পৰামতে, মটেৰঝাৰৰ পৰা গৌৰীপুৰ গৈ থকা অৱস্থাতেই ৰাস্তাত ৰাষ্ট্ৰীয়ঘাই পথতেই চিখাইটাৰিত সংঘঠিত হয় এই ঘটনা। চিখাইটাৰিৰ পৰা বাইক লৈ ১৪ ৰ পৰা ১৫ জন কৈ ব্যক্তিয়ে খেদি আহিছিল বিজেপি সভাপতিক। প্ৰাণ বচাবলৈ লগে লগে গাড়ী লৈ গৌৰীপুৰ আৰক্ষী থানাত গাড়ী লৈ উপস্থিত হয় ৰঞ্জিত কুমাৰ ৰায়। ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে গৌৰীপুৰত। এই সন্দৰ্ভত গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। এতিয়ালৈ দুজনক আটক কৰিছে গৌৰীপুৰ আৰক্ষীয়ে। আটক হোৱা দুজনৰ নাম আশিক ইকবাল, ঘৰ গৌৰীপুৰৰ বানীয়ামাৰীত আনজন আনোৱাৰ আলীৰ ঘৰ গোলকগঞ্জৰ দেবত্তৰ হাসদহত।বিজেপিৰ প্ৰতীক চিন দেখিয়েই গাড়ীত আক্ৰমণ কৰাৰ অভিযোগ কৰে বিজেপি কৰ্মী সকলেয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ