শিৱসাগৰ, ১৭ এপ্ৰিল (হি.স.)। সদৌ শিৱসাগৰ ছাত্র সন্থা উদ্যোগত শিৱসাগৰ মহকুমা ছাত্র সন্থা শিৱসাগৰ আঞ্চলিক ছাত্র সন্থা আৰু ৰাইজৰ সহযোগত মুকলি বিহু আয়োজন কৰা হয়।
ঐতিহাসিক বৰ্ডিং খেল পথাৰত মুকলি বিহু অনুষ্ঠানত গীত পৰিবেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলশে। বিভিন্ন জনপ্ৰিয় গীতে পুৱতি নিশা লৈ শিল্পীগৰাকীয়ে উপস্থিত ৰাইজৰ মন মুহিলে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা