মৈৰাবাৰীৰ তাতিকাটা এম ই স্কুলত নামভৰ্তিৰ বাবে অভিভাৱক ৰাইজৰ হেতাওপৰা
মৰিগাও, ০৮ এপ্ৰিল (হি.স.)। মৈৰাবাৰীৰ তাতিকাটা এম ই স্কুলত নামভৰ্তিৰ বাবে অভিভাৱক ৰাইজৰ হেতা ওপৰা ভিৰ। যিসময়ত চৰকাৰী বিদ্যালয় সমূহ ছাত্ৰ ছাত্ৰীৰ অভাবত বন্ধ হোৱাৰ উপক্ৰম হৈছে সেই সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত তাতিকাটা এম ই স্কুল
মৈৰাবাৰীৰ তাতিকাটা এম ই স্কুলত নামভৰ্তিৰ বাবে অভিভাৱক ৰাইজৰ হেতাওপৰা


মৰিগাও, ০৮ এপ্ৰিল (হি.স.)। মৈৰাবাৰীৰ তাতিকাটা এম ই স্কুলত নামভৰ্তিৰ বাবে অভিভাৱক ৰাইজৰ হেতা ওপৰা ভিৰ। যিসময়ত চৰকাৰী বিদ্যালয় সমূহ ছাত্ৰ ছাত্ৰীৰ অভাবত বন্ধ হোৱাৰ উপক্ৰম হৈছে সেই সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত তাতিকাটা এম ই স্কুলত স্থানীয় অভিভাৱক ৰাইজে বিদ্যালয় খনত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ বাবে প্ৰধান শিক্ষক ছফিকুল ইছলামক প্ৰ-পত্ৰ জমা দিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।

চৰকাৰী বিদ্যালয় খনত শিক্ষাৰ মানদণ্ড অধিক উন্নত হোৱাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি তথা দুই -তিনি কিলোমিটাৰ দূৰৰ পৰাও ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰিছে। প্ৰধান শিক্ষক ছফিকুল ইছলামে অতিৰিক্ত শ্ৰেণী কোঠা আৰু শিক্ষকৰ অভাৱত ষষ্ঠ শ্ৰেণীত ১৪০ গৰাকীয়ে নাম ভৰ্তিৰ বাবে আবেদন কৰা ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ ৮০ গৰাকী ছাত্ৰ ছাত্ৰীক নাম অন্তৰ্ভুক্ত কৰে। ইফালে শিক্ষা বিভাগে বিদ্যালয় খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক আৰু অতিৰিক্ত শ্ৰেণী কোঠা প্ৰদান কৰিবলৈ দাবী জনায় অভিভাৱক ৰাইজে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande