মাৰাথান কাৰ্যসূচীৰে আজি ডিফুত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
কাৰ্বি আংলং, ১৭ এপ্ৰিল (হি.স.)। মাৰাথান কাৰ্যসূচীৰে আজি ডিফুত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১৭ ৰ পৰা ১৮ এপ্ৰিললৈকে মুখ্যমন্ত্ৰীয়ে বিভিন্ন কাৰ্যসূচীত অংশ ল'ব। আজিৰ কাৰ্যসূচী অনুসৰি ডিফুৰ তাৰালাংছত উপস্থিত হৈ শান্তি চুক্তি স্বাক্ষৰ ক
মাৰাথান কাৰ্যসূচীৰে আজি ডিফুত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


কাৰ্বি আংলং, ১৭ এপ্ৰিল (হি.স.)। মাৰাথান কাৰ্যসূচীৰে আজি ডিফুত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১৭ ৰ পৰা ১৮ এপ্ৰিললৈকে মুখ্যমন্ত্ৰীয়ে বিভিন্ন কাৰ্যসূচীত অংশ ল'ব।

আজিৰ কাৰ্যসূচী অনুসৰি ডিফুৰ তাৰালাংছত উপস্থিত হৈ শান্তি চুক্তি স্বাক্ষৰ কৰা ছয় বিদ্ৰোহী সংগঠণৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হ'ব।

তাৰোপৰি কেইবাটা আচঁনিৰ শুভাৰম্ভ কৰিব। জিলাখনৰ বাবে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande