নলবাৰী জিলাৰ ধমধমা-চটাইবাৰীত ৰঙালী বিহুৰ পাৰ ভঙা উচাহ
নলবাৰী, ১৭ এপ্ৰিল (হি.স.)। উজনিৰ পৰা নামনি লৈ সকলতে ৰঙালী বিহুৰ উল্লাস দেখিবলৈ পোৱা গৈছে। নলবাৰী জিলাৰ ধমধমা-চটাইবাৰীতো দেখিবলৈ পোৱা গ'ল ৰঙালী বিহুৰ পাৰ ভঙা উচাহ। চটাইবাৰী ৰাংঢালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত মঙ্গলবাৰৰ পৰা আৰম্ভ হৈছিল ২৬ সংখ্যক ৰ
নলবাৰী জিলাৰ ধমধমা-চটাইবাৰীত ৰঙালী বিহুৰ পাৰ ভঙা উচাহ


নলবাৰী, ১৭ এপ্ৰিল (হি.স.)। উজনিৰ পৰা নামনি লৈ সকলতে ৰঙালী বিহুৰ উল্লাস দেখিবলৈ পোৱা গৈছে। নলবাৰী জিলাৰ ধমধমা-চটাইবাৰীতো দেখিবলৈ পোৱা গ'ল ৰঙালী বিহুৰ পাৰ ভঙা উচাহ। চটাইবাৰী ৰাংঢালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত মঙ্গলবাৰৰ পৰা আৰম্ভ হৈছিল ২৬ সংখ্যক ৰঙালী বিহু উদযাপন ।

মঙ্গলবাৰে বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ অন্তত কালি বুধবাৰে নিশা অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিহু হুঁচৰিৰ দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনিত আজি বৃহস্পতিবাৰে পুৱা সামৰণি পৰে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande