জোনাইত দেউৰী জনগোষ্ঠীৰ বোকা বিহু পালন
ৰাংকপ দেউৰী গাৱঁত বোকা বিহু নাচি বাগি মতলীয়া দেউৰী যুৱক-যুৱতী
জোনাইত দেউৰী জনগোষ্ঠীৰ বোকা বিহু পালন


ৰাংকপ দেউৰী গাৱঁত বোকা বিহু নাচি বাগি মতলীয়া দেউৰী যুৱক-যুৱতী

ধেমাজি, ১৭ এপ্ৰিল (হি.স.)। আজি দেউৰী বিহু ৷ ব’হাগৰ প্ৰথমটো বুধবাৰে উৰুকা পালনৰ পিচতে বৃহস্পতিবাৰে দেউৰীসকলে পালন কৰিছে দেউৰী বিহু ৷ বোকা খেলি ইজনে-সিজনক দিছে বিহুৰ ওলগ ৷

উৰুকাৰ নিশাৰে পৰা গাঁৱৰ মুখীয়ালৰ ঘৰত লহৰীয়া আবৰবৰ গাই আৰম্ভ কৰে দেউৰী বিহু ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইৰ ৰাংকপ দেউৰী গাঁৱতো আজি পুৱাৰে পৰা দেউৰী ৰাইজৰ মাজত দেখা গৈছে বোকা বিহুৰ এক উৎসৱমুখৰ পৰিৱেশ ৷

বুধবাৰে দিনটো দেউৰী জনগোষ্ঠীৰ পৰম্পৰাৰ ৰীতি-নীতি অনুসৰি বিহু আৰম্ভ কৰাৰ পিচতে আজি পুৱাৰে পৰা গাঁৱৰ এঘৰৰ চোতালত ডেকা-গাভৰু, বোৱাৰী-শিশুকে ধৰি সকলোৱে বোকা বিহুৰে ইজনে-সিজনক বোকা সানি জনাইছে বিহুৰ শুভেচ্ছা ৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande