গোলাঘাট, ১৭ এপ্ৰিল (হি.স.)। ৰঙালী বিহুৰ বতৰত নিশা দেৰগাঁৱত গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে। এফালে গঞাৰাইজ বিহুৰ আনন্দত মতলীয়া হৈ থকাৰ সময়তে গৃহস্থৰ গোহালীৰ পৰা গৰু চুৰি কৰি নিলে চোৰে। বুধবাৰে নিশা দেৰগাঁৱৰ ইকৰাণি গাঁৱৰ দুটিকৈ কৃষক পৰিয়ালত গৰু চুৰি হয়।
গাঁওখনৰ অতুল শইকীয়া আৰু অনিল বৰা নামৰ ব্যক্তি দুজনৰ গোহালীত চোৰ সোমাই লৈ গ'ল দুজনি গাই আৰু দুটা ব'লধ গৰু । অতুল শইকীয়াৰ গাই দুজনি নিয়াৰ বিপৰীতে অনিল বৰাৰ ঘৰৰ পৰা নিলে ব'লধ দুটা । ইফালে পুৱা গোহালীত গৰু নেদেখি হ'তবাক হৈ পৰে দুয়োটা পৰিয়ালৰ লোকসকল।
দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আছে যদিও এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকা মুঠেই সন্তোষজনক নহয় । ৰাইজে গৰু চোৰ ধৰিবলৈ আৰক্ষীলৈ আহ্বান জনাইছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু