ধেমাজি, ০৮ এপ্ৰিল (হি.স.)। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে অৰ্কিড মহোৎসৱৰ আয়োজন কৰা হয়। বসন্তৰ আদৰনীক লৈ উখল মাখল মহাবিদ্যালয়ৰ বাকৰি । নানাৰঙী অৰ্কিডে হাতবাউলি দি মাতিছে বাটৰুৱাক। অসম তথা উত্তৰ পূৰ্বাঞ্চল অৰ্কিডৰ ৰম্যভূমি । কেৱল উত্তৰ পূৰ্বাঞ্চলতেই আঠশৰো অধিক প্ৰজাতিৰ অৰ্কিড পোৱা যায় । কিন্তু অসমৰ জাতীয় ফুল নানাৰঙী অৰ্কিড সমূহ সংৰক্ষণৰ অভাৱত ক্ৰমান্নয়ে হেৰাই যোৱাৰ উপক্ৰম ঘটিছে । অৰ্কিড সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বহুদিনৰ পৰাই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে উদ্যোগ গ্ৰহণ কৰি আহিছে । এইখন মহাবিদ্যালয়ৰ প্ৰচেষ্টাতেই ইতিমধ্যে গঠন হৈছে অৰ্কিড চ'চাইটি অফ আচামৰ । মহাবিদ্যালখনে নিজা উদ্যোগত গঢ়ি তুলিছে উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ সকলোবিলাক অৰ্কিড সংগ্ৰহ কৰি এটা অৰ্কিড হাউচ । আজি এইখন চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় বাকৰিত অসম অৰ্কিড ছচাইটিৰ উদ্যোগত আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় অৰ্কিড মহোৎসৱ ।
মহোৎসৱৰ কাৰ্যসূচী অনুসৰি অৰ্কিড সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় । ৰাইজৰ মাজত বিক্ৰী কৰা হয় বিভিন্ন প্ৰজাতিৰ হাইব্ৰীড প্ৰজাতিৰ অৰ্কিড । ইয়াৰ পিছতেই অনুষ্ঠিত কৰা সাংস্কৃতিক সমাৰোহত বিহু, মিছিং জনগোষ্ঠীৰ গুমৰাগ নৃত্য, বড়ো বাগৰুমবা নৃত্য, নেপালী জনগোষ্ঠীয় নৃত্য আদি বিভিন্ন জনগোষ্ঠীয় লোকনৃত্যৰ দলে নৃত্য গীত পৰিবেশন কৰি মুখৰিত কৰি সৃষ্টি কৰে এক উখলমাখল পৰিবেশ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ