শিলচৰ, ০৮ এপ্ৰিল (হি.স.)। কাছাৰৰ কাটিগড়া চেউতি প্ৰথমখণ্ডত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ গল মনোয়াৰা বেগম নামৰ এগৰাকী বিধৱা মহিলাৰ বাসগৃহ। অগ্নিদগ্ধ হৈ পশুধনৰ মৃত্যু ৷ নিশাৰ ভাগত ভয়ংকৰ এই অগ্নিকান্ডৰ ঘটনাটো সংঘটিত হয়। পৰিয়ালৰ লোকে জুই প্ৰত্যক্ষ কৰি কথমপি প্ৰাণ ৰক্ষা কৰি ঘৰৰ পৰা উলাই আহে যদিও মুহূৰ্তৰ মাজত জুইত জ্বলি ভস্মীভূত সম্পূৰ্ণ বাসগৃহখন।
ঘৰৰ লগতে জুইত জাহ যায় ঘৰত থকা নগদ এক লাখ টকা, সোণৰ আ অলংকাৰ আৰু বিভিন্ন নথিপত্ৰ। আনকি অগ্নিদগ্ধ হৈ ঘৰৰ ভিতৰত থকা কেইবাটাও ছাগলী আৰু কুকুৰাৰ মৃত্যু ঘটে। ভয়ংকৰ অগ্নিকাণ্ডত সকলো হেৰুৱাই এতিয়া অসহায় হৈ পৰিছে মহিলা গৰাকী। ঘৰত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰি স্থানীয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ