বজালী আৰক্ষীৰ বৃহৎ সফলতা , বাহন চুৰি কাৰ্যত জড়িত আন্তঃৰাষ্ট্ৰীয় চক্ৰ উৎখাত
বৰপেটা, ০৮ এপ্ৰিল (হি.স.)। বজালী আৰক্ষীৰ বৃহৎ সফলতা ।দুচকীয়া বাহন চুৰি কাৰ্যত জড়িত এটি বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ উৎখাত । বৰ্তমানলৈ মুঠ ৬ জন কুখ্যাত চোৰক কৰায়ত্ত বজালী আৰক্ষীৰ ।চোৰকেইটা ক্ৰমে বাগান পাৰাৰ নয়ন ডেকা,ৰতন বড়ো আৰু লোকমান বড়ো,শিমলাৰ ধন
বজালী আৰক্ষীৰ বৃহৎ সফলতা , বাহন চুৰি কাৰ্যত জড়িত আন্তঃৰাষ্ট্ৰীয় চক্ৰ উৎখাত


বৰপেটা, ০৮ এপ্ৰিল (হি.স.)। বজালী আৰক্ষীৰ বৃহৎ সফলতা ।দুচকীয়া বাহন চুৰি কাৰ্যত জড়িত এটি বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ উৎখাত । বৰ্তমানলৈ মুঠ ৬ জন কুখ্যাত চোৰক কৰায়ত্ত বজালী আৰক্ষীৰ ।চোৰকেইটা ক্ৰমে বাগান পাৰাৰ নয়ন ডেকা,ৰতন বড়ো আৰু লোকমান বড়ো,শিমলাৰ ধনজিৎ বড়ো,পালহা শিমলুবাৰীৰ সঞ্জয় বড়ো,কদমতলাৰ নিৰ্মল কলিতা ।লগতে তিনিখনকৈ মটৰ চাইকেলো উদ্ধাৰ কৰা হৈছে ।

উল্লেখ্য যে, বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত চলিছিল এই অভিযান ।আনহাতে মটৰ চাইকেল চুৰিৰ সতে জড়িত মূল মাষ্টাৰ মাইণ্ডক কৰায়ত্ত কৰাৰ বাবে আৰক্ষী অভিযান অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande